NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ চিৰিয়াখানাৰ বহুকেইটা গোৰিলা কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2021 5:15 pm

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চানডিয়াগো জু চাফাৰী পাৰ্কত থকা কেইবাটাও গোৰিলা কোভিড প’জিটিভ হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

বিশ্বৰ বিৰল প্ৰজাতি বিধ প্ৰথমবাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চানডিয়াগো জু চাফাৰী পাৰ্কত থকা দুটা গোৰিলাই কাঁহ আৰম্ভ হোৱাৰ পাছতে দুয়োটা গোৰিলাৰ লগতে ইয়াৰ ওচৰত থকা অন্য গোৰিলাৰ কোভিড পৰীক্ষা সম্পন্ন কৰোৱা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি আৰু ৰাষ্ট্ৰীয় পশুসেৱা পৰীক্ষাগাৰত সম্পন্ন হোৱা কোভিড পৰীক্ষাত বহু কেইটা গোৰিলা কোভিড প’জিটিভ হোৱা বুলি নিশ্চিত হয়।

গোৰিলাৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে জু চাফাৰী পাৰ্কখন দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হয়।

চিৰিয়াখানা কৰ্তৃপক্ষই ইতিমধ্যে গোৰিলা কেইটাৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিকিৎসালয়ত সিংহৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ ভিতৰত কোভিডৰ সংক্ৰমণত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।