NORTHEAST NOW (Assamese)

কমল কুমাৰ মেধিৰ নেতৃত্বত ৰাইজৰ দলৰ কেইবাগৰাকীও নেতাই আজি নতুন দিল্লীত যোগদান কৰিব আপত

May 2, 2022 12:51 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

ৰাইজৰ দল’ৰ সদ্য পদত্যাগী নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত দলটোৰ কেন্দ্ৰীয় কমিটিৰ কেইবাগৰাকীও নেতাই আজি ‘আম আদমী পাৰ্টি’(আপ)ত যোগদান কৰিব।

নতুন দিল্লীত থকা ‘আপ’ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এক যোগদান কাৰ্যসূচীত তেওঁলোকে আনুষ্ঠানিকভাবে আজি দলটোত যোগদান কৰিব ৷

দুপৰীয়া দুই বজাত অনুষ্ঠিত হ’বলগীয়া এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব ‘আপ’ৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

কমল কুমাৰ মেধিৰ লগতে আজি নতুন দিল্লীত ‘আপ’ত যোগদান কৰিব ‘ৰাইজৰ দল’ৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা, উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, সম্পাদক দীপাংকৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰজা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডেকাই।

সন্ধিয়া ৭ বজাত ‘আপ’ত যোগদান কৰা এইসকল নেতাৰ সৈতে দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বৈঠকত মিলিত হ’ব।

Related News