NORTHEAST NOW (Assamese)
অসম

নামৰূপৰ নিৰ্মীয়মান মিথানল প্ৰকল্পত এশ শতাংশ থলুৱা নিযুক্তিৰ দাবীত বিভিন্ন সংগঠনৰ ধৰ্মঘট

Posted by: অক্ষয় প্ৰণব কলিতা November 23, 2018 7:53 pm
IMG-20181123-WA0069

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, নিবনুৱা যুৱ মঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সমগ্ৰাম সমিতি আৰু বহু কেইটা অ-ৰাজনৈতিক সংগঠনে নামৰূপৰ আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ প্ৰধান প্ৰৱেশদ্বাৰত দিনজোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

আছাম পেট্ৰকেমিকেলছ লিমিটেডে নামৰূপত নিৰ্মাণ কৰি থকা মিথানল প্ৰকল্পটোত ১০০ শতাংশই থলুৱাক নিযুক্তি দিয়াৰ দাবীৰে সংগঠনকেইটাই এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদকাৰীসকলৰ ধৰ্মঘট কাৰ্যসূচীৰ সময়চোৱাত ৰাষ্টাত প্ৰায় ১.৫ কিঃমিঃ পৰ্যন্ত যানজঁটৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত এম্বুলেঞ্চসমূহো ৰাষ্টাত আবদ্ধ হৈ পৰে।

প্ৰতিবাদস্থলীত উপস্থিত হৈ আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ উপাধ্যক্ষ বিকুল ডেকা, নহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী, আৰক্ষীৰ উপ অধীক্ষক আছিফ আহমেদ উপস্থিত হৈ আন্দোলনৰ নেতাসকলক লগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।