NORTHEAST NOW (Assamese)

অগপ-বিপিএফত খহনীয়া, কংগ্ৰেছত যোগদান কেইবাজনো ৰাজনৈতিক নেতাৰ

October 11, 2023 6:15 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: October 11, 2023 5:29 pm

শাসকীয় বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ কেইবাজনো নেতাই কংগ্ৰেছ দলত যোগদান কৰিছে।

বুধবাৰে গুৱাহাটীৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে অগপ আৰু বিপিএফ কেইবাগৰাকীও নেতাই।

কংগ্ৰেছ দলত যোগদান কৰা নেতা কেইজন হল ক্ৰমে প্ৰবীণ বড়ো (বিপিএফ), প্ৰণয় ৰাভা (গণ শক্তি পাৰ্টি-জিএছপি), মহিম হাজৰিকা (অগপ), হিলালুদ্দিন বৰভূঞা (জিএছপি), তিলক ফুকন (অগপ) আৰু ব্ৰজলাল ৰবি দাস (বিজেপি)। তেওঁলোকৰ লগতে আৰু বহু সংখ্যক নেতা-কৰ্মীয়ে  কংগ্ৰেছ যোগদান কৰে।

দলৰ অসম তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদদ্বয় গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত তেওঁলোকে কংগ্ৰেছত যোগদান কৰে।

এই যোগদান কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছে ৰাজ্যত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত অব্যাহত থকা অমৃত কলাহ যাত্ৰাত অংশগ্ৰহণ কৰাৰ অভিযোগত দুগৰাকী কংগ্ৰেছ নেতাক নিলম্বন কৰাৰ মাত্ৰ এদিনৰ পিছতে সম্পন্ন হয়।

Related News