NORTHEAST NOW (Assamese)
অসম

ধুমুহাত বোকাখাতৰ বহু গাঁও ক্ষতিগ্ৰস্ত; যাতায়ত আৰু বিজুলী সংযোগ ব্যাহত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 15, 2020 7:34 pm

ৰাজ্যৰ উপৰেদি আজি পাৰ হৈ যায় এজাক প্ৰলয়ংকাৰী ধুমুহা। বিয়লি অহা এই ধুমুহাই বোকাখাত মহকুমাৰ কেইবাখন গাঁৱৰ বহু লোকৰ বিস্তৰ ক্ষতিসাধন কৰে।

প্ৰায় এঘণ্টা ধৰি চলা এই ধুমুহাই বোকাখাতৰ জাপৰি পথাৰ, ডিফলুপথাৰ, দেৰগঞা পাম, পলাশগুৰি, টিপুজান, বিজুলী গাঁও, ধনশিৰিমুখ, লখৌজান, ৰজাবাৰী, মৰিয়াহোলাকে, নিকৰিঘাট, কুৰুৱাবাহী, পৰঙনীয়া, যোগনীয়া, বিহৰা চাহ বাগিছা আদি বিভিন্ন গাঁৱৰ কেইবা শতাধিক বাসগৃহ ধ্বংস কৰে।

ধুমুহাজাকে কোনো লোকৰ প্ৰাণ হানি কৰা নাই যদিও বহুলোকৰ বাসগৃহৰ উপৰিও সা-সম্পতি আৰু শস্যৰ ভঁৰাল নষ্ট কৰে। বহু স্থানত গছ উভালি পৰি পথ সংযোগ বিচিন্ন হৈ পৰিছে। গছ পৰি বিজুলী তাঁৰ চিঙিছে বহু স্থানত।

সমগ্ৰ বোকাখাত এতিয়া বিজুলী সংযোগ বিছিন্ন হৈ আছে ৷ ধুমুহাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বহু বনশিৱিৰৰ ক্ষতি সাধন কৰে। ইফালে ল’কডাউন চলি থকাত সকলো দোকান বন্ধ থকাৰ বাবে তাঁৰ, গজাল, টিনপাত ইত্যাদিকলৈ সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ। গৃহহীন হোৱা বহু পৰিয়াল এতিয়া মুকলি আকাশৰ তলতে সময় কটাব লগীয়া হৈছে।