NORTHEAST NOW (Assamese)
Uncategorized

অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িলে কঠোৰ শাস্তি! বাতিল হ’ব পাৰে পাছপ’ৰ্ট-লাইচেন্স : যোগীৰ আৰক্ষীৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2025 6:08 pm
অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িলে কঠোৰ শাস্তি! বাতিল হ’ব পাৰে পাছপ’ৰ্ট-লাইচেন্স : যোগীৰ আৰক্ষীৰ নিৰ্দেশ

অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব। তেনে কৰিলে সাধাৰণ জনতাৰ অসুবিধাত পৰিব। ৰমজান মাহৰ শেষ শুকুৰবাৰৰ আগতে উত্তৰ প্ৰদেশৰ মিৰাটৰ আৰক্ষীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

আনকি এই নিৰ্দেশ পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জনাইছে। প্ৰয়োজন হ’লে পাছপ’ৰ্ট আৰু ড্ৰাইভিং লাইচেন্স বাতিল কৰা হ’ব পাৰে।

এই বিষয়ে মিৰাটৰ এছপি আয়ুষ বিক্ৰম সিঙে জনাইছে যে ইদগাহ আৰু মছজিদৰ বাহিৰে কোনোৱে অন্য ক’তো নামাজ পঢ়িব নোৱাৰিব। অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িলে পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেন্স বাতিল কৰা হ’ব পাৰে। এবাৰ পাছপ’ৰ্ট বাতিল হ’লে বহুত সমস্যাৰ সন্মুখীন হ’ব লাগে। ন্যায়ালয়ৰ পৰা এনঅ’চি (অনাপত্তি প্ৰমাণপত্ৰ) আনিব লাগে। আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হয়।

এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোকদল (আৰএলডি) নেতা জয়ন্ত সিং চৌধুৰীয়ে কয়, “যদি ফৌজদাৰী গোচৰ ৰুজু কৰা হয়, তেন্তে পাছপ’ৰ্ট আৰু লাইচেন্স বাতিল কৰিব পৰা যায়। নতুনকৈ পাছপ’ৰ্ট কৰিবলৈ গ’লে ন্যায়ালয়ৰ পৰা এনঅ’চি অবিহনে নতুন পাছপ’ৰ্ট কৰাটো কঠিন হৈ পৰে।”

অন্যহাতে, এই বিষয়ে মিৰাটৰ এছএছপি ভিপিন টাডাই কয়, “ছ’চিয়েল মিডিয়াৰ জৰিয়তে গুজৱ বা অশান্তি বিয়পোৱাৰ চেষ্টাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমি কঠোৰ নজৰ ৰাখিছো। সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰাৰ যিকোনো প্ৰয়াসক দৃঢ়তাৰে দমন কৰা হ’ব।”

নিৰাপত্তাৰ বাবে প্ৰাদেশিক আৰ্মড কনষ্টেবুলাৰী (পিএচি) আৰু ৰেপিড একচন ফ’ৰ্চ (আৰএএফ)ৰ কৰ্মীসকলক মোতায়েন কৰা হৈছে। অতীতৰ অভিজ্ঞতাৰ ভিত্তিত স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰি তাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এছএছপি টাডাই আৰু জনাইছে, প্ৰশাসনে শান্তি বজাই ৰাখিবলৈ আৰু আগন্তুক উৎসৱসমূহ সুষ্ঠভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ বিশিষ্ট নাগৰিক আৰু ধৰ্মীয় নেতাসকলৰ সৈতে মিলি কাম কৰি আছে।

জয়ন্ত সিং চৌধুৰীয়ে জনাইছে, আইন-শৃংখলা নিশ্চিত কৰাৰ বাবে ড্ৰ’নৰ জৰিয়তে নিৰীক্ষণ চলোৱা হৈছে। ইয়াৰ উপৰি স্থানীয় গোয়েন্দাসকলে সক্ৰিয়ভাৱে পৰিস্থিতি পৰ্যবেক্ষণ কৰিব। সংবেদনশীল স্থানত ইউনিফৰ্ম আৰু সাধাৰণ পোছাকধাৰী বিষয়াসকলক মোতায়েন কৰা হ’ব।