যৌন সম্ভোগে আনিব পাৰে সুখ নিদ্ৰা – সমীক্ষাত ওলাল এই তথ্য

আপোনাৰ বাৰু টোপনি পাতল নেকি? নাইবা বিচনাত পৰাৰ পিছত বহু পৰলৈকে নাহে নেকি টোপনি? তেন্তে আৰু চিন্তা নাই। কাৰণ সমীক্ষাই লৈ আনিছে টোপনি অহাৰ কৌশল।
জাৰ্নেল অৱ স্লিপ ৰিচাৰ্চ নামৰ এক গৱেষণা পত্ৰত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি নেদাৰলেণ্ডৰ গ্ৰ’নিংগেন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে টোপনিৰ সম্পৰ্কে গৱেষণা কৰে। দম্পতী সকলৰ টোপনি ভাল হোৱাৰৰ আঁৰৰ কাৰণবোৰ জানিবলৈ গৱেষক দলটোৱে কৰিছিল এক বিশেষ সমীক্ষা।
গৱেষক দলটোৱে কৰা এই সমীক্ষাত মুঠ ২২৪ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ইয়াৰে ৬৭ গৰাকী পুৰুষ আৰু ১৫৩ গৰাকী মহিলা।
প্ৰতিবেদনটোত প্ৰকাশ পৱা অনুসৰি, অংশগ্ৰহণকাৰী সকলৰ বাবে গৱেষক দলটোৱে প্ৰস্তুত কৰি উলিয়াইছিল কিছুমান বিশেষ প্ৰশ্ন। এই পৰীক্ষাত অংশগ্ৰহণ কৰা সকলৰ ওপৰত ১৪ দিন ধৰি পৰীক্ষা চলাইছিল। এফালে তেওঁলোকক ধাৰাবাহিকভাৱে সজাই থোৱা প্ৰশ্নৰ ডায়েৰী এখন দিয়া হৈছিল আৰু আনগাতে কিছুমান প্ৰশ্ন ইমেইল কৰা হৈছিল । ইমেইলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ তেওঁ লোকে যৌন সম্ভোগ কৰি উঠাৰ পিছত দিবলগা হৈছিল। এই অধ্যয়নত অংশগ্ৰহণ কৰা অধিকাংশই আছিল যুৱ মনোবিজ্ঞানৰ ছাত্ৰ।
মূল জৰীপ আৰম্ভ কৰাৰ আগতে অংশগ্ৰহণকাৰীসকলক কেইবাটাও প্ৰশ্নৰ উত্তৰ ডায়েৰীত লিখিবলৈ কোৱা হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকে টোপনি বুলিলে কি বুজাব বিচাৰিছে? আৰু যৌনতা বুলিলে কি বুজাব বিচাৰিছে? তেওঁলোকে টোপনি আৰু যৌন সম্পৰ্কৰ সম্পৰ্ক বুজি পায়নে? যিকোনো ধৰণৰ যৌন সম্পৰ্ক, যেনে যৌন সম্পৰ্ক বা হস্তমৈথুন বা মৌখিক যৌন সম্পৰ্ক কোনে পছন্দ কৰে? এইবোৰৰ উত্তৰ দিয়াৰ পিছত আৰম্ভ হয় প্ৰকৃত জৰীপ।
আনকি কাৰোবাৰ অনিদ্ৰাৰ ইতিহাস আছে নেকি? এই টোপনিৰ মাত্ৰা কেনেকুৱা – গভীৰ নে পাতল? এনেবোৰ তথ্য এই সমীক্ষাত সংগ্ৰহ কৰা হয়।
এই সমীক্ষাটো মূলতঃ ১৮ৰ পৰা ৫৮ বছৰীয়া লোকৰ মাজত সীমাবদ্ধ আছিল। কোনোবাই শোৱাৰ আগতে কিবা ঔষধ খায় নেকি? নে নিয়মিতভাৱে মদ খায়? তেনে তথ্যও সংগ্ৰহ কৰা হৈছিল।
অধ্যয়ন আৰম্ভ হোৱাৰ আগতে বহুতে দাবী কৰিছিল যে শোৱাৰ আগতে হস্তমৈথুন কৰিলে টোপনি দ্ৰুত আৰু ভাল হয়।
১৪ দিনৰ অন্তত অংশ্ৰহণকাৰী সকলৰ পৰা সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত গৱেষকসকলে বিশ্লেষণ আৰম্ভ কৰে। প্ৰতিজন অংশগ্ৰহণকাৰীৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকে দেখিলে যে শোৱাৰ আগতে তীব্ৰ অৰ্গাজম হোৱা দম্পতীয়ে কেৱল খৰকৈ টোপনি যোৱাই নহয়, তেওঁলোকৰ টোপনিও গভীৰ হয়।
ইয়াৰ পৰা গৱেষক সকলে নিৰ্ধাৰণ কৰে চৰম সুখ দিব পৰা যৌন সম্পৰ্ক বা হস্তমৈথুনে গভীৰ টোপনি মাতি অনাত সহায় কৰে।