NORTHEAST NOW (Assamese)
Popular Stories

চাকৰিৰ প্ৰলোভন দি ভাৰতলৈ অনা এগৰাকী নেপালী মহিলাক যৌন নিৰ্যাতন; অভিযোগৰ অভিকেন্দ্ৰ উত্তৰ প্ৰদেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2024 9:38 pm
চাকৰিৰ প্ৰলোভন দি ভাৰতলৈ অনা এগৰাকী নেপালী মহিলাক যৌন নিৰ্যাতন; অভিযোগৰ অভিকেন্দ্ৰ উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশত এগৰাকী নেপালী মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। এটা চাকৰিৰ প্ৰলোভনত নেপালৰ পৰা ভাৰতলৈ অনা বুলি অভিযোগ উত্থাপন হৈছে। তেতিয়া তেওঁৰ বয়স আছিল ১৩ বছৰ।

মহিলাগৰাকীয়ে দাবী কৰিছিল যে এই দেশলৈ অনাৰ পাছত তেওঁক বলপূৰ্বক ধৰ্মান্তৰিত কৰি বিয়া দিয়া হৈছিল। সংবাদ সংস্থা পিটিআইৰ মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত একেটা পৰিয়ালৰ ৫জন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীক প্ৰহাৰ আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

মহিলাগৰাকীয়ে দাবী কৰিছে যে এজন যুৱকে নিজৰ পৰিচয় লুকুৱাই বন্ধুত্ব কৰিছিল। ইয়াৰ পাছত ভাৰতত চাকৰি পোৱাৰ নামত তেওঁক নেপালৰ পৰা এই দেশলৈ অনা হৈছিল।

ভাৰতলৈ অহাৰ পাছত কেইবাবাৰো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, তেওঁক ভাবুকিও দিয়া বুলি অভিযোগ উঠিছে। যোৱা সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ পিলভিট জিলাৰ এখন থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীগৰাকীয়ে।