NORTHEAST NOW (Assamese)
অসম

ছয়গাঁও মহাবিদ্যালয়ৰ বিদ্যাৰ্থীক বহিস্কাৰৰ ঘটনাৰ প্ৰতিবাদত উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয় ঘেৰাও এছ এফ আইৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 11, 2019 4:48 pm
SFI protest

বিগত ৩ জুলাইত ছয়গাঁও মহাবিদ্যালয়ৰ দুই ছাত্র ক্ৰমে উপাসনা দাস আৰু চন্দন দাসক প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষই নিলম্বন কৰাৰ প্ৰতিবাদত আজি দিনৰ ১২ বজাত ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ অসম গোটে কাহিলীপাৰা স্থিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীৰ তীব্ৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে যাতে কাৰ্য্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে বিভাগটোৰ প্ৰবেশ গেটত কৰ্মচাৰীসকলে তলা লগাই দিয়ে।প্ৰতিবাদকাৰী সকলে উচ্চ শিক্ষা সঞ্চালকালয় চৌহদ বিভিন্ন শ্লোগানেৰে কপাই তোলে।

প্ৰায় ৪৫ মিনিটজোৰা প্ৰবল প্ৰতিবাদৰ অন্তত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা গীতিমণি ফুকন ডাঙৰীয়া ওলাই আহি প্ৰতিবাদকাৰী সকলৰ দাবী সমূহ বিবেচনা কৰিব বুলি আশ্বাস দিয়াৰ লগতে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষলৈ তৎকালে ফোন কৰি বিষয়টো সমাধান কৰিব বুলি জানিব দিয়ে।

প্ৰতিবাদৰ মাজতে এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে সংবাদ মাধ্যমৰ আগত সম্পূৰ্ণ অগণতান্ত্ৰিক পদ্ধতিৰে মহাবিদ্যালয়ৰ যি দুগৰাকী ছাত্ৰক বহিষ্কাৰ কৰা হল সেয়া অতি শীঘ্ৰে বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰে। তেওঁ লগতে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰ্তহীনভাৱে বিনামূলীয়া নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে।

ডেৰঘন্টা জোৰা তীব্ৰ প্ৰতিবাদৰ অন্তত দিনৰ ১.৩০ বজাত প্ৰতিবাদকাৰী সকলে উচ্চ শিক্ষা সঞ্চালকালয়ৰ চৌহদৰ পৰা শান্তিপূৰ্ণ ভাৱে ওলাই আহে।