NORTHEAST NOW (Assamese)
Popular Stories

শচীন টেণ্ডুলকাৰৰ বেটেৰে এক অনবদ্য ৰেকৰ্ড গঢ়িছিল ছাহিদ আফ্ৰিদীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2020 11:06 am

পকিস্তানৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে কেৰিয়াৰৰ দ্বিতীয়খন এদিনীয়া মেচতে এক অনন্য অভিলেখ গঢ়িছিল। শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত আফ্ৰিদীয়ে ৩৭ টা বলত শতক অৰ্জন কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফ্ৰিদীৰ সেই শতকটো ১৮ বছৰলৈকে দ্ৰুততম শতক হিচাপে লিপিবদ্ধ আছিল।

২০১৪ চনত নিউজিলেণ্ডৰ ক’ৰি এণ্ডাৰছনে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩৬ টা বলত শতক অৰ্জন কৰি আফ্ৰিদীৰ ৰেকৰ্ডটো ভংগ কৰিছিল।

এণ্ডাৰছনৰ এই অভিলেখ এবছৰ পিছতেই দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছে ভংগ কৰিছিল। তেওঁ ৩১ টা বলত অৰ্জন কৰা শতকৰ ৰেকৰ্ডটো এতিয়াও বাহাল আছে।

কিন্তু আফ্ৰিদীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা সেই বিস্ফোৰক ইনিংছটোৰ আঁৰত এক ৰহস্য জৰিত হৈ আছে। আফ্ৰিদীয়ে সেইদিনা এজন বেলেগ ক্ৰিকেটাৰৰ বেটেৰে খেলিছিল।

আফ্ৰিদীয়ে যিখন বেটেৰে খেলিছিল সেই বেটখন ৱাকাৰ য়ুনিছক শচীন টেণ্ডুলকাৰে উপহাৰ হিচাপে প্ৰদান কৰিছিল।

এই সকলোবোৰ কথা ৰাজহুৱা কৰিছে আফ্ৰিদীৰ প্ৰাক্তন সতীৰ্থ খেলুৱৈ আজহাৰ মেহমুদে।

মেহমুদে কয় যে মোৰ আৰু আফ্ৰিদীৰ একলগে ১৯৯৬ চনত ছাহাৰা কাপত শ্ৰীলংকাৰ বিৰুদ্ধে অভিষেক ঘটিছিল। আফ্ৰিদীক ৩ নম্বৰত বেটিং কৰিবলৈ কৈছিল আৰু তেওঁ শচীনে ৱাকাৰ য়ুনিছক উপহাৰ দিয়া বেটখনেৰে বেটিং কৰি এই কৃতিত্ব অৰ্জন কৰিছিল।

সেই বিস্ফোৰক ইনিংছটোৰ পিছৰে পৰা আফ্ৰিদী এগৰাকী সম্পূৰ্ণ বেটছমেন হিচাপে পৰিগণিত হৈছিল বুলিও আজহাৰ মেহমুদে মন্তব্য কৰে।

উল্লেখ্য যে ছাহিদ আফ্ৰিদীয়ে সেই মেচখনত ১১টা ছয়, ৬টা চাৰিৰ সহায়ত শতক অৰ্জন কৰিছিল।