NORTHEAST NOW (Assamese)

“তোমালোকক ভাল পাওঁ, তোমালোকৰ বাবে যুঁজিম” : আমেৰিকাৰ পৰা বিতাড়ন কৰা অনুপ্ৰৱেশকাৰীসকললৈ গ্ৰেমী উৎসৰ্গা ছাকিৰাৰ

February 9, 2025 5:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 9, 2025 5:05 pm

আমেৰিকাৰ পৰা বিতাড়িত হোৱা অনুপ্ৰৱেশকাৰীসকললৈ নিজৰ গ্ৰেমী এৱাৰ্ড উৎসৰ্গা কৰিলে জনপ্ৰিয় গায়িকা ছাকিৰাই।

এইবাৰৰ গ্ৰেমী অনুষ্ঠান লছ এঞ্জেলছৰ ক্ৰিপ্টো ডট কম এৰিনাত মঞ্চত অনুষ্ঠিত হয়। কলম্বিয়াৰ গায়িকা ছাকিৰাই তেওঁৰ এলবাম “লাছ মুজেৰেছ ইয়া নৰাণ”ৰ বাবে শ্ৰেষ্ঠ লেটিন পপ এলবাম শাখাত বঁটা লাভ কৰে। বঁটা গ্ৰহণ কৰি তেওঁ অনুপ্ৰৱেশকাৰীসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

এই বঁটাটো মই এই দেশৰ সকলো অনুপ্ৰৱেশকাৰী ভাই-ভনীক উৎসৰ্গা কৰিব বিচাৰো বুলিও তেওঁ কয়।

ছাকিৰাই লগতে কয়, “মই সেই মহিলাসকলক সন্মান কৰো যিয়ে নিজৰ পৰিয়ালৰ বাবে প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰে

দুটা সন্তানৰ মাতৃ ছাকিৰা নিজৰ দুটা সন্তান মিলন আৰু ছাছাৰ সৈতে মঞ্চলৈ আহিছিল। “মই এই বঁটাটো মোৰ সন্তান মিলান আৰু ছাছাৰ সৈতে ভাগ কৰিব বিচাৰো

উল্লেখ্য যে ডনাল্ড ট্ৰাম্প প্ৰশাসনে নিজৰ আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছেশেহতীয়াকৈ মেক্সিকো, কলম্বিয়া, ব্ৰাজিল, ভাৰত আদি দেশলৈ আমেৰিকাই অনুপ্ৰৱেশকাৰী সকলক উভটাই পঠাইছে। অনুপ্ৰৱেশকাৰীসকলক হাত-ভৰি শিকলি বান্ধি সামৰিক বিমানযোগে বিতাড়নৰ কৰাৰ বিভিন্ন দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Related News