NORTHEAST NOW (Assamese)
Popular Stories

বিৰহ নে অভিমান! জেৰাৰ্ডৰ সৈতে বিচ্ছেদক লৈ গোৱা ছাকিৰাৰ গানটোৱে ভাঙিলে অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2023 1:02 pm

কলম্বিয়াৰ গায়িকা ছাকিৰাই জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদকলৈ এটা গান ৰচিছে। গানটো মুকলি হোৱাৰ পিছত ই ইউটিউবত এক নতুন অভিলেখ গঢ়িছে। গানটোৰ শীৰ্ষক হৈছে ‘আউট অফ ইয়ৰ লীগ’।

ছাকিৰাৰ গানটো মুক্তিৰ ২৪ ঘণ্টাত ৬৩ মিলিয়নতকৈও অধিক বাৰ চোৱা হৈছে। ইয়াৰ আগেয়ে ২৪ ঘণ্টাত ইমান কোনো লেটিন মিউজিক ভিডিঅ’ চোৱা হোৱা নাই।

উল্লেখ্য যে ২০২২ চনত প্ৰাক্তন স্পেনিছ ফুটবলাৰ জেৰাৰ্ড পিকে আৰু কলম্বিয়ান গায়িকা তথা গীতিকাৰ ছাকিৰাই তেওঁলোকৰ সম্পৰ্কৰ ইতি পেলাইছিল। এক যৌথ বিবৃতিত তেওঁলোকে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল।

তেওঁলোক দুয়ো ১০ বছৰতকৈও অধিক সময় ধৰি একেলগে আছিল। তেওঁলোকৰ পৰিয়ালত দুটা সন্তানো আছে।

ছাকিৰাই গানটোত পিকেক সমালোচনা কৰিছে। পিকেই জিমত যথেষ্ট সময় অতিবাহিত কৰে। ছাকিৰাই তেওঁক মগজুৰ ব্যায়াম কৰিবলৈও পৰামৰ্শ দিছে।

জেৰাৰ্ড পিকে বৰ্তমান এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে সম্পৰ্কত আছে। ছাকিৰাইও ইয়াৰো সমালোচনা কৰিছে। স্পেইনত আয়কৰ ফাঁকিৰ বাবে ছাকিৰা সমস্যাত পৰিছিল। তাৰবাবেও ছাকিৰাই পিকেক সমালোচনা কৰিছে।