NORTHEAST NOW (Assamese)
Popular Stories

টকা থাকিলেনো কি ….!  আম্বানীৰ পুত্ৰৰ দ্বিতীয়টো ‘প্ৰি-ৱেডিং ফাংচন’ত সংগীত পৰিৱেশন কৰিব ৱাকা ৱাকাৰ গায়িকা ছাকিৰাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 29, 2024 7:00 am

যোৱা মাৰ্চ মাহত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ প্ৰথম প্ৰাক বিবাহ অনুষ্ঠান আয়োজিত হৈছিল।

গুজৰাটৰ জামনগৰত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সমৱেশ হৈছিল বিশ্বৰ নামী-দামী ব্যক্তি।

আন্তঃৰাষ্ট্ৰীয় পপ তাৰকা ৰিহানাৰ পৰা আৰম্ভ কৰি বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গলৈকে বিবাহৰ এই অনুষ্ঠানত উপস্থিত আছিল বিশ্বৰ সৰ্ববৃহৎ কোটিপতিসকল।

অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি ৰিহানাই কমেও ছয় মিলিয়ন ডলাৰৰ লাভ কৰিছিল।

আনকি এই অনুষ্ঠানত বলীউডৰ তাৰকা শ্বাহৰুখ, ছলমান আৰু আমিৰ খানক মঞ্চত একেলগে নাচি থকা দেখা গৈছিল।

এইবাৰ আন এক প্ৰাক বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ ওলাইছে আম্বানীৰ পৰিয়ালে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠান ইটালী আৰু ফ্ৰান্সত অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানৰ আয়োজন কৰা হ’ব এখন প্ৰমোদ জাহাজত। ২৯ মে’ৰ পৰা ১ জুনলৈকে চাৰিদিন ধৰি চলিব এই প্ৰি-ৱেডিং অনুষ্ঠান।

ভাৰতীয় কাকত নৱভাৰত টাইমছে প্ৰকাশ কৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় পপ গায়িকা ছাকিৰাই অনন্ত আম্বানীৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানত শোভা বঢ়াব।

ভাৰতৰ আন এটা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত অনুষ্ঠানত গান গোৱাৰ বাবে সাধাৰণতে ১০ৰ পৰা ১৫ কোটি টকা মাননি ল’ব ছাকিৰাই।