NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ নিয়ন্ত্ৰণ ৰেখাত নিৰীহ লোকক লক্ষ্য কৰি নিৰ্লজ্জ পাকিস্তানৰ গুলীচালনা, শ্বহীদ এজন জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2025 10:59 am

পাকিস্তানে পুনৰ সীমা অতিক্ৰম কৰিছে। ভাৰতে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী শিবিৰসমূহক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ বিপৰীতে নিৰীহ সাধাৰণ নাগৰিকক যাতে হত্যা নকৰে তাৰ প্ৰতি সংবেদনশীল হৈ থকাৰ সময়তে পাকিস্তানে নিৰ্লজ্জভাৱে নিয়ন্ত্ৰণ ৰেখাৰ কাষত বসবাস কৰা নিৰীহ সাধাৰণ নাগৰিকক নিৰ্বাচিতভাৱে লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰিছে। মঙলবাৰে নিশা অপাৰেচন সিন্দূৰৰ পাছত এই আক্ৰমণ বৃদ্ধি পাইছে। বুধবাৰে নিশা পাকিস্তানী সেনাই নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বাচিতভাৱে গুলীচালনা কৰে। খবৰ অনুসৰি এজন ভাৰতীয় জোৱান শ্বহীদ হয়।

পেহেলগাম আক্ৰমণৰ পিছৰে পৰা পাকিস্তানী সেনাই নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি উলংঘা কৰি আহিছে। অৱশ্যে মঙলবাৰৰ পৰা এই তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে। অপাৰেচন সিন্দূৰৰ পূৰ্বে পাকিস্তানী সেনাই মূলতঃ ভাৰতীয় সেনাৰ ঘাটিত লঘু মেচিনগান আৰু ক্ষুদ্ৰ অস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু মঙলবাৰৰ পাছত এই আক্ৰমণৰ স্বৰূপ সম্পূৰ্ণৰূপে সলনি হৈছে। বুধবাৰে পুৱা পাকিস্তানৰ আক্ৰমণত ১২ জন কাশ্মীৰী সাধাৰণ নাগৰিক নিহত হোৱাৰ খবৰ ওলাইছিল। আহত হয় ৩০ জন লোক। বৃহস্পতিবাৰৰ পুৱালৈকে মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি পাইছে।

ভাৰতীয় সেনাই জনাইছে যে, বুধবাৰে নিশা পাকিস্তানী সেনাইও নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি প্ৰচণ্ড গুলীচালনাৰ আশ্ৰয় লৈছিল। লক্ষ্য কৰা অঞ্চলসমূহ হৈছে কুপৱাৰা, আখনূৰ, আৰু পুঞ্চ খণ্ডৰ জনবসতিপূৰ্ণ গাঁওসমূহ। খবৰ আহিছে যে সেনাই উপযুক্ত উত্তৰ দিছে।

বুধবাৰে নিশাৰ এই আক্ৰমণত সাধাৰণ লোকৰ মৃত্যুৰ কোনো নতুন খবৰ পোৱা নাই যদিও এজন জোৱান শ্বহীদ হয়। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, কৰ্ণা ছেক্টৰত পাকিস্তানৰ গুলীচালনাৰ প্ৰতি সঁহাৰি জনাই দীনেশ কুমাৰ নামৰ সেনা জোৱান এজন শ্বহীদ হয়। অৱশ্যে আনুষ্ঠানিকভাৱে এই মৃত্যুৰ খবৰ সেনাই দিয়া নাই।