NORTHEAST NOW (Assamese)
অসম

টী-২০ বিশ্বকাপৰ ৱাৰ্ম-আপ: একেৰাহে চাৰিটা বলত চাৰিটা উইকেট! ছামীৰ বিধ্বংসী বলিঙত ছাৰখাৰ অষ্ট্ৰেলিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 17, 2022 3:18 pm

টী-২০ বিশ্বকাপৰ সোমবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা ৱাৰ্ম-আপ মেচখনত মহম্মদ ছামী ভাৰতৰ বাবে প্ৰত্যাশিত জয়ৰ নায়ক হৈ পৰিল। ১৯ অভাৰলৈকে অব্যৱহৃত হৈ থকাৰ পিছত ৰোহিত শৰ্মাই ২০ তম অভাৰটো ছামীক দিয়ে।

অষ্ট্ৰেলিয়াক জিকিবলৈ ৬ টা বলত ১১ ৰাণৰ প্ৰয়োজন আছিল। শ্বামীয়ে বলিঙেৰে বিস্ফোৰণ ঘটায়। তেওঁ একেৰাহে চাৰিটা বলত চাৰিটা উইকেট দখল কৰে। দ্ৰুতবেগী বলাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ নিশ্চিতভাৱে জিকা খেলখনৰ সপোন ভংগ কৰে। এৰন ফিঞ্চে আনকি ভবাই নাছিল যে তেওঁৰ বাবে ইমান এটা ডাঙৰ আঘাত আহিব পাৰে। অন্তিম অভাৰত ছামীৰ সৌজন্যত ভাৰতে অষ্ট্ৰেলিয়াক ৬ ৰাণত পৰাস্ত কৰে আৰু দলৰ আত্মবিশ্বাস বৃদ্ধি কৰে।

এৰন ফিঞ্চৰ অষ্ট্ৰেলিয়াই টছত জয়ী হৈছিল আৰু ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ভাৰতে ১৮৬ ৰাণ সংগ্ৰহ কৰিছিল। কে এল ৰাহুল আৰু ৰোহিত শৰ্মাৰ চিনাকি যুটিটো ইনিংছ আৰম্ভ কৰিছিল।

তেওঁলোকে ৭.৩ অভাৰত ৭৮ ৰাণ সংগ্ৰহ কৰিছিল। ৰাহুল ৩৩ টা বলত ৫৭ ৰাণ কৰি আউট হৈছিল। মেক্সৱেলৰ বলত তেওঁ এষ্টন আগৰক কেচ তুলি দিছিল। অধিনায়ক ৰোহিতক এষ্টন আগৰে আউট কৰে। তেওঁ কেচটো গ্লেন মেক্সৱেলক দিয়ে। তেওঁ ১৪ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ১৩ টা বলত ১৯ ৰাণ সংগ্ৰহ কৰে। তেওঁ মিচেল ষ্টাৰ্কৰ চিকাৰ হয়।

চাৰি নম্বৰত বেটিং কৰিবলৈ নামি সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ প্ৰমান কৰি দিলে যে তেওঁ আৰু ধাৰাবাহিকতা সমাৰ্থক। বিশ্বৰ দুই নম্বৰ টি-২০ বেটছমেনজনে ৩৩ টা বলত ৫০ ৰাণৰ ইনিংছ খেলে। হাৰ্ডিক পাণ্ডিয়া মাত্ৰ ২ ৰাণতে উভতি যায়। ফিনিচাৰৰ ভূমিকা পালন কৰা দিনেশ কাৰ্তিকে ১৪ টা বলত ২০ ৰাণ সংগ্ৰহ কৰে। নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ভাৰতে ১৮৬ ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ চাৰিটা উইকেট দখল কৰে কেন ৰিচাৰ্ডচনে।