NORTHEAST NOW (Assamese)
অসম

ড৹ বিনয় কুমাৰ শইকীয়ালৈ ২০২১ বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2021 4:20 pm
Shanti Swarup Bhatnagar Award 2021 to Dr. Vinay Kumar Saikia

২০২১ বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ বিজয়ীসকলৰ নাম আজি ঘোষিত হৈছে। অসমৰ ড৹ বিনয় কুমাৰ শইকীয়াই এই বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সাতটা শাখাৰ ভিতৰত “ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান” শাখাত বিনয় কুমাৰ শইকীয়াই এই বঁটা লাভ কৰিছে।

উল্লেখ্য যে, বিনয় কুমাৰ শইকীয়া উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ NEISTত কৰ্মৰত।

এই সন্মান লাভ কৰা ড৹ বিনয় কুমাৰ শইকীয়া হ’ল পঞ্চমজন অসমীয়া। তেওঁৰ পূৰ্বে ড৹ মিহিৰ কান্ত চৌধুৰী(১৯৮৯ চন), ড○ জিতেন্দ্ৰনাথ গোস্বামী (১৯৯৪ চন), ড○ ভূপেন্দ্ৰ নাথ গোস্বামী (১৯৯৫ চন), ড○ প্ৰশান্ত গোস্বামী (২০০১ চন) -এ এই বঁটা লাভ কৰিছিল।

শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research , CSIR)-এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা৷

২০ বছৰৰ পিছত এই সন্মান কোনো অসমীয়া বিজ্ঞানীয়ে লাভ কৰিছে। সম্ভৱতঃ অসমতে কৰ্মৰত অৱস্থাত এই বঁটা লাভ কৰা তেখেত প্ৰথমগৰাকী বিজ্ঞানী।

উল্লেখযোগ্য যে, আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়।

এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়।

শান্তি স্বৰূপ ভাটনাগৰ বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল৷