NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰ্য্যটন এম্বেছেদৰৰ ছবি বিকৃতিৰে জালত প্ৰিয়ংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2019 9:13 pm
Sharing morphed picture of Assam tourism ambassador and Mamata Banerjee gets West Bengal BJP worker arrested

অসম পৰ্য্যটনৰ এম্বেছেদৰ প্ৰিয়ংকা চ’প্ৰাৰ ছবিত মমতা বেনাৰ্জীৰ মুখ লগাই চ’চিয়েল মিদিয়াত শ্বেয়েৰ কৰাৰ অভিযোগত পশ্চিমবংগ আৰক্ষীৰ জালত পৰিছে বিজেপি নেত্ৰী প্ৰিয়ংকা শৰ্মা।

হাওৰাত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা প্ৰিয়ংকা অভিযোগমতে পশ্চিম বংগ বিজেপিৰ যুৱ মৰ্চাৰ নেত্ৰী।

“মুখ্য মন্ত্ৰী বেনাৰ্জীৰ মৰ্ফদ ছবি শ্বেয়েৰ কৰা বাবে প্ৰিয়ংকা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে,” আৰক্ষীৰ উদ্ধৃতিৰে এই বাতৰি আউতলুক-ৰ।

বাতৰিটোত কোৱা হৈছে যে বেনাৰ্জীৰ বিকৃত ছবি নিজৰ ফে’চবুকত শ্বেয়েৰ কৰাৰ অভিযোগত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে দাসনগৰ আৰক্ষী থানাত এক অভিযোগ কৰা হৈছিল।

বেনাৰ্জীৰ মেমেটোত অসমৰ পৰ্য্যটন এম্বেছেদৰগৰাকীৰ শেহতীয়া এখন বহুচৰ্চিত ছবি ব্যৱহাৰ কৰা হৈছিল।

বেনাৰ্জীৰ ছবি বিকৃতিৰ অভিযোগত ইয়াৰ পূৰ্বেও যোৱা চেপ্তেম্বৰতো পশ্চিম বংগত বাবুৱা ঘোষ নামৰ আন এজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰা বুলি ইন্দিয়া তুদে’-ৰ বাতৰিত প্ৰকাশ।

শেহতীয়া MET GALA ইভেন্তত পতি নিক জ’নাছৰ সৈতে ছবিখনত দেখা গৈছিল চ’প্ৰাক।

আন এগৰাকী বলিউদ অভিনেত্ৰী দীপিকা পাড়ুকনেও ভাগ লোৱা অনুষ্ঠানটোৰ এইবাৰৰ বিষয় আছিল “Camp: Notes on Fashion”।

অনুষ্ঠানটোত প্ৰিয়ংকাই পৰিধান কৰা গাউনটো ডিঅ’ৰ নিৰ্মিত আৰু ই এ’লিচ ইন ৱান্দাৰলেন্দ-ৰ অনুপ্ৰেৰণাৰে প্ৰস্তুত বুলিও চৰ্চিত হৈছে।