NORTHEAST NOW (Assamese)
Popular Stories

বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়ে। কেনেকৈ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 7, 2023 9:37 pm

বয়স মাত্ৰ ১১ বছৰ কিন্তু কোটি টকা উপাৰ্জন কৰে এইগৰাকী কণমানিয়ে। বয়স যে কোনো ক্ষেত্ৰতে বাধা হ’ব নোৱাৰে সেই কথাকেই যেন প্ৰমাণ কৰি দিলে কণমানিগৰাকীয়ে।

কিন্তু ইমান কম বয়সতে কেনেকৈ এই বৃহৎ পৰিমাণৰ টকা উপাৰ্জন কৰিছে এইগৰাকী কণমানিয়ে? ইউটিউবৰ জৰিয়তে এই বৃহত্‍ পৰিমাণৰ ধন উপাৰ্জন কৰিছে কণমানিগৰাকীয়ে।

কোটি কোটি টকাৰ গৰাকী এই ১১ বছৰীয়া ছোৱালীজনীয়ে চলাই আহিছে শ্বফা ‘ষ্টৰীজ’ নামৰ এটা ইউটিউব চেনেল।

২০১৫ চনত ইউটিউবৰ জগতত আত্মপ্ৰকাশ কৰিছিল শ্বফাই। বৰ্তমান তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩৮ মিলিয়নতকৈও অধিক। 

জানিব পৰা মতে, কণমানি শ্বফাৰ ইউটিউব চেনেলটো তেওঁৰ মাতৃয়ে চোৱা-চিতা কৰে। শ্বফাৰ ভিডিঅ’ত প্ৰতি ১০০০ ভিউত পোৱা যায় ১.২১ ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ১০০ টকা। চলিত বৰ্ষৰ মে’ মাহত শ্বফাই ইউটিউব চেনেলৰ পৰা ২ লাখ ডলাৰ উপাৰ্জন কৰিছে।

বিগত সপ্তাহত শ্বফাই ইউটিউবৰ পৰা উপাৰ্জন কৰিছে ৭৭,৪০০ ডলাৰ। যোৱা এমাহত তেওঁৰ উপাৰ্জন ১.২৭ মিলিয়ন ডলাৰ। বিগত ৮ বছৰত তেওঁ ইউটিউবত আপলোড কৰিছে ৯৮৪টা ভিডিঅ’।

আজিৰ তাৰিখত কণমানিজনীৰ ধন-সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪১০ কোটিৰো অধিক।