NORTHEAST NOW (Assamese)
Popular Stories

শ্বীনা বৰা হত্যাকাণ্ড: ইন্দ্ৰাণী মুখাৰ্জীক বিদেশ ভ্ৰমণৰ অনুমতি দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2026 2:46 pm

নিজৰ কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক পুনৰ এক মোক্ষম আঘাত দিলে উচ্চতম ন্যায়ালয়ে। বিদেশ ভ্ৰমণৰ বাবে ইন্দ্ৰাণীয়ে কৰা নতুন আবেদনখন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পোনচাতেই নাকচ কৰিছে। ন্যায়াধীশ এম এম সুন্দৰ আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে এই বিষয়ত শীৰ্ষ আদালতে কোনো ধৰণৰ হস্তক্ষেপ নকৰে।

আদালতত ইন্দ্ৰাণী মুখাৰ্জীৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা মহেশ জেঠমালানীয়ে। তেওঁ আদালতক জনায় যে বিদেশ ভ্ৰমণৰ এই আবেদনখন বৰ্তমান অতি জৰুৰী হৈ পৰিছে। কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকক মনত পেলাই দিয়ে যে এনে সকাহৰ বাবে তেওঁলোকে নিম্ন আদালত অৰ্থাৎ যিখন আদালতত বৰ্তমান বিচাৰ চলি আছে, সেই আদালতৰ কাষ চাপিব লাগিব। উচ্চতম ন্যায়ালয়ে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি কৰা আবেদনখন পোনে পোনে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

যোৱা বছৰো শীৰ্ষ আদালতে তেওঁক বিদেশলৈ যোৱাৰ অনুমতি দিয়া নাছিল, কিয়নো তেওঁ বিদেশৰ পৰা ঘূৰি নহাৰ যথেষ্ট সন্দেহ আছিল। ইয়াৰ পৰিৱৰ্তে, আদালতে বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি এবছৰৰ ভিতৰত শেষ কৰিবলৈ নিম্ন আদালতক নিৰ্দেশ দিছিল। অৱশ্যে, ২০২৪ চনৰ জুলাই মাহত এখন বিশেষ আদালতে তেওঁক দহ দিনৰ বাবে স্পেইন আৰু যুক্তৰাজ্যলৈ যোৱাৰ অনুমতি দিছিল যদিও চিবিআইৰ বিৰোধিতাৰ ফলত বম্বে উচ্চ ন্যায়ালয়ে ছেপ্টেম্বৰ মাহত সেই নিৰ্দেশ বাতিল কৰে। তাৰ পিছতেই ইন্দ্ৰাণীয়ে পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

উল্লেখযোগ্য যে, ২০১২ চনৰ এপ্ৰিল মাহত মুম্বাইত শ্বীনা বৰাক এখন গাড়ীৰ ভিতৰত ডিঙি চেপি হত্যা কৰা হৈছিল। শ্বীনা বৰা আছিল ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সম্পৰ্কৰ কন্যা। এই কাৰ্যত ইন্দ্ৰাণী মুখাৰ্জীৰ লগতে তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যামবৰ ৰায় জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছিল। হত্যাৰ পিছত মৃতদেহটো ৰায়গড় জিলাৰ এখন হাবিত জ্বলাই দিয়া হৈছিল। আন এটা গোচৰত চালকজন গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীৰ জেৰাত ২০১৫ চনত এই ভয়ংকৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে।

এই ঘটনাৰ তদন্ত কৰি চিবিআইয়ে ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত ইন্দ্ৰাণীৰ আনজন প্ৰাক্তন স্বামী পিটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰিছিল। ২০১৫ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ হোৱা ইন্দ্ৰাণীয়ে প্ৰায় ছয় বছৰতকৈ অধিক সময় জেইলত কটোৱাৰ পিছত ২০২২ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে। বৰ্তমান এই গোচৰৰ আটাইকেইজন অভিযুক্তই জামিনত মুকলি হৈ আছে। অৱশ্যে ইন্দ্ৰাণী মুখাৰ্জীয়ে নিজৰ বিৰুদ্ধে উঠা এই সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে।