NORTHEAST NOW (Assamese)

অবিশ্বাস্য! ৪কোটি ১৬লাখ টকাত বিক্ৰী হ’ল এটি ভেড়া

August 29, 2020 1:41 pm · এন ই নাও নিউজ
অভিলেখ দামত বিক্ৰী হোৱা ডাবল ডায়মণ্ড নামৰ ভেড়াটো। ফটো সৌজন্য: দ্য হেৰল্ড

আমি প্ৰায়ে দেখি থকা ভেড়া এটা তেনেই সাধাৰণ প্ৰাণী আৰু ইয়াৰ কিবা বিশেষত্ব থকা বুলি জানিবলৈ আমাৰ হাতত তেনে কোনো তথ্যও নাই।

কিন্তু এনে এটি ভেড়াৰ কথা ইয়াত ক’বলৈ লোৱা হৈছে যিটো এটি বিশেষ ধৰণৰ ভেড়া।

এই ভেড়াটো ইতিমধ্যে বিক্ৰী হৈছে ৩ লাখ ৬৭হাজাৰ ৫০০ব্ৰিটিছ পাউণ্ডত।

ভাৰতীয় মূল্যত ইয়াৰ দাম হ’ব ৪ কোটি ১৬লাখ ২৫হাজাৰ টকা। এই ভেড়াটো এতিয়ালৈকে বিশ্বৰ আটাইতকৈ দামী ভেড়া হিচাপে পৰিগণিত হৈছে।

এই বিৰল ভেড়াটো বৃহস্পতিবাৰে স্কটলেণ্ড বিক্ৰী হৈছে। দ্য হেৰল্ডৰ বাতৰি অনুসৰি, ডাবল ডায়মণ্ড নামৰ এই ভেড়াটো লেনাৰ্কৰ স্কটিছ নেশ্যনেল টেক্সলেত বিক্ৰী কৰা হৈছে।

বাতৰিত কোৱা হৈছে যে চাৰ্লি বোডেন আৰু তেওঁৰ পৰিয়ালে এই ভেড়াটো বিক্ৰী কৰিছে।

তিনিটা কৃষকৰ অংশীদাৰিত্ব থকা এটা প্ৰতিষ্ঠানে ভেড়াটো ক্ৰয় কৰে। নীলামত প্ৰথমতে ইয়াৰ দাম ১০ হাজাৰ ৫০০ পাউণ্ডত ডাক হয়। শেষত কৃষকৰ  প্ৰতিষ্ঠানটোৱে ৩লাখ ৬৭হাজাৰ ৫০০ পাউণ্ডত ভেড়াটো ক্ৰয় কৰে।

ভেড়াটো ক্ৰয় কৰা প্ৰটেক্টাৰ্ছ ফাৰ্ম নামৰ কৃষক প্ৰতিষ্ঠানটোৰ মেনেজাৰ জেফ আইকনে কয়,’’ মই দেখাৰ ভিতৰত এইটো আটাইতকৈ শ্ৰেষ্ঠ ভেড়া। ইয়াৰ ঠেং কেইটা মসৃন, চমকি থকা আৰু ইয়াৰ উপৰি অংশ মনমোহা। ই এটা সৰ্বোৎকৃষ্ট, সম্পূৰ্ণ ভেড়া।‘’

আনহাতে, নীলামকাৰী সংস্থা দ্য টেক্সেল ছিপ ছ’ছাইটিয়ে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে ২০০৯চনত এটা ভেড়া ২লাখ ৩১হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত ২ কোটি ৬১লাখ ৬৪হাজাৰ টকাত বিক্ৰী হৈছিল।

এইবাৰ ডাবল ডায়মণ্ডে সেই বিক্ৰীৰ অভিলেখ ভংগ কৰিলে।

Related News