মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ জানিবলৈ দিছে যে তেওঁ আৰু তেওঁৰ দল আৱামী লীগৰ জ্যেষ্ঠ নেতাসকলে অহা ডিচেম্বৰ মাহৰ আশে-পাশে ভাৰতৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে। বাংলাদেশলৈ গৈ তেওঁলোকে আদালতৰ ওচৰত আত্মসমৰ্পণ কৰিব। দেশলৈ উভতি গ‘লে তেওঁৰ জীৱনলৈ ভাবুকি আহিব পাৰে বুলি জানিও তেওঁ নিজৰ মাতৃভূমিলৈ যোৱাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত হোৱা তীব্ৰ ছাত্ৰ আন্দোলনৰ পিছত তেওঁ দেশ এৰি ভাৰতলৈ আহিবলগীয়া হৈছিল। সেই সময়ৰে পৰা তেওঁ ভাৰতত আশ্ৰয় লৈ আছে। পৰৱৰ্তী সময়ত ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে ২০২৪ চনৰ প্ৰতিবাদত চলোৱা দমন নীতিৰ অভিযোগত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। অৱশ্যে হাছিনাই এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰি আহিছে।
ৰয়টাৰ্ছ নামৰ সংবাদ সংস্থাটোক দিয়া এক সাক্ষাৎকাৰত ৭৮ বছৰীয়া নেতাকীয়ে কয় যে তেওঁ গ্ৰেপ্তাৰ হ‘বলৈ বা মৃত্যুবৰণ কৰিবলৈও প্ৰস্তুত আছে। তেওঁ কয় যে বাংলাদেশলৈ উভতি গ’লে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে বা মাৰি পেলাবও পাৰে, তথাপিও তেওঁ যাবই লাগিব। তেওঁৰ দলৰ নেতা আৰু কৰ্মীসকলৰ ওপৰত বহু অত্যাচাৰ চলি আছে বুলি তেওঁ অভিযোগ কৰে। তেওঁ লগতে কয় যে যদি মৃত্যু আহে, তেন্তে সেয়া নিজৰ মাতৃভূমিতেই আহক, য’ত তেওঁৰ পিতৃ-মাতৃক সমাধিস্থ কৰা হৈছে আৰু য’ত তেওঁলোকৰ তেজ নিগৰিছিল। প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামালো তেওঁৰ সৈতে দেশলৈ উভতি যোৱাৰ কথা আছে, যাৰ বিৰুদ্ধেও মৃত্যুদণ্ডৰ ৰায় আছে।
বৰ্তমান মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰ আৰু তাৰেক ৰহমানৰ নেতৃত্বত থকা বিএনপি চৰকাৰে ভাৰতক হাছিনাক হস্তান্তৰ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনাই আহিছে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকে বাংলাদেশৰ এই অনুৰোধৰ ওপৰত আইনী প্ৰক্ৰিয়াৰে পৰীক্ষা চলাই আছে। আনহাতে, হাছিনাই স্পষ্ট কৰি দিছে যে তেওঁক উভতাই নিবলৈ ঢাকাই ভাৰতলৈ পত্ৰ প্ৰেৰণ কৰিলেও তেওঁ নিজ ইচ্ছাতেই উভতি যাব আৰু ইয়াৰ বাবে তেওঁ কোনো বিদেশী চৰকাৰৰ সৈতে আলোচনা কৰা নাই।
হাছিনাই কয় যে তেওঁ ন্যায়ত বিশ্বাস কৰে আৰু তেওঁৰ বিৰুদ্ধে দিয়া গোচৰবোৰ যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, সেয়া তেওঁ প্ৰমাণ কৰিব বিচাৰে। বৰ্তমান তেওঁ বাংলাদেশৰ ৩০০ খন সংসদীয় আসনৰ ভিতৰত ১২৫ খন আসনৰ নেতাসকলৰ সৈতে অনলাইন বৈঠক পাতি আৱামী লীগক পুনৰ সংগঠিত কৰাৰ চেষ্টা কৰি আছে। নিজৰ ২০ বছৰীয়া শাসনকালৰ কথা সুঁৱৰি তেওঁ কয় যে দীৰ্ঘদিন ধৰি চৰকাৰ চলালে ভুল হ’ব পাৰে আৰু কোনো চৰকাৰেই ভুলৰ ঊৰ্ধ্বত নহয়। কিন্তু এখন চৰকাৰৰ ভাল-বেয়া বিচাৰ কৰাৰ অধিকাৰ কেৱল জনসাধাৰণৰ হাততহে আছে বুলি তেওঁ মন্তব্য কৰে।