NORTHEAST NOW (Assamese)
অসম

হঠাৎ গুৰুতৰভাৱে অসুস্থ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত! ভৰ্তি চিকিৎসালয়ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2025 7:44 am

শিৱসেনাৰ উদ্ধৱ শিবিৰৰ অন্যতম নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউত অসুস্থ। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, অহা দুমাহলৈ তেওঁ জনজীৱনৰ পৰা আঁতৰি থাকিব। এই তথ্য সঞ্জয়ে নিজেই দলীয় কৰ্মীলৈ এক আৱেগিক চিঠি যোগে জনাইছে।

এক্স হেণ্ডেলত পোষ্ট কৰি সঞ্জয়ে লিখিছে, ‘আপোনালোক সকলোৱে মোক ভাল পায় আৰু মোৰ ওপৰত বিশ্বাস ৰাখিছে। মোৰ স্বাস্থ্যৰ গুৰুতৰ সমস্যা এটা গঢ় লৈ উঠিছে। চিকিৎসাধীন হৈ আছো। ডাক্তৰৰ পৰামৰ্শ অনুসৰি মোক ৰাজহুৱা স্থানত ওলাই নাযাবলৈ আৰু ৰাজহুৱাভাৱে মিলামিছা নকৰিবলৈ কোৱা হৈছে।’

কিন্তু হঠাতে সঞ্জয় ৰাউতৰ কি হ’ল? সূত্ৰ অনুসৰি ৰাউত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁৰ অসুস্থতাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিছুদিন পূৰ্বে সঞ্জয় ৰাউটক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। জানিব পৰা মতে, সেই সময়ত তেওঁ ডিঙিৰ সমস্যাত ভুগি আছিল।

সঞ্জয় ৰাউতৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ নিজৰ ইনষ্টাগ্ৰামত লিখিছে, ‘সঞ্জয় ৰাউত জী, আপোনাৰ সোনকালে আৰোগ্য আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।’ ইয়াৰ উত্তৰত ৰাউতে লিখিছে, ‘ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী! মোৰ পৰিয়াল আপোনাৰ ওচৰত কৃতজ্ঞ! জয় হিন্দ, জয় মহাৰাষ্ট্ৰ!’

উল্লেখ্য যে সঞ্জয় ৰাউত উদ্ধৱ থাকৰেৰ বিশ্বাসযোগ্য সেনাপতি। তেওঁ মহাৰাষ্ট্ৰৰ অন্যতম বিৰোধী নেতা। তেওঁ বাৰে বাৰে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহক আক্ৰমণ কৰা দেখা যায়। সঞ্জয়ে আজি ​ (শনিবাৰে) নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিৰোধী দলৰ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু হঠাৎ অসুস্থ হৈ পৰাত তেওঁ এতিয়া এনে ৰাজহুৱা সমাৱেশৰ পৰা আঁতৰি থাকিব।