NORTHEAST NOW (Assamese)
অসম

বক্সিঙত উজলিছে অসম; ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শিৱ থাপা চেম্পিয়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2019 8:09 am
Shiva-Thapa-

অলিম্পিয়ান শিৱ থাপাই ৰাষ্ট্ৰীয় ছিনিয়ৰ এলিট বক্সিং প্ৰতিযোগিতাৰ ৬৩ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰি পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

হিমাচল প্ৰদেশৰ বাড্ডিত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত শিৱ থাপাই ছাৰ্ভিচেছৰ আকাশক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি এই কৃতিত্বৰ অধিকাৰী হয়।

বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত মেচখনত উদীয়মান আকাশে ভাল খেলিছিল যদিও অনুভৱী থাপাক পৰাস্ত কৰিবলৈ সেয়া পৰ্যাপ্ত নাছিল।

উল্লেখ্য যে ৬৩ কেজি শাখাত থাপাৰ এয়া প্ৰথমটো ৰাষ্ট্ৰীয় খিতাপ।

প্ৰতিযোগিতাখনত চাৰ্ভিচেছে ৬টা স্বৰ্ণ, ২টা ৰূপ আৰু এটা ব্ৰঞ্জ সহিতে মুঠ ৯টা পদকেৰে তালিকাৰ শীৰ্ষ স্থানত থাকে। ইফালে তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে ৰেইলৱে আৰু হাৰিয়ানা।

ভাৰতৰ তাৰকা বক্সাৰ তথা অসম সন্তান শিৱ থাপাই চলিত বছৰৰে জুলাই মাহত কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হোৱা প্ৰেছিডেন্স কাপৰ বক্সিং টুৰ্নামেণ্টত প্ৰথমবাৰৰ বাবে ৬৩ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। তেওঁ চেম্পিয়নো হৈছিল।