NORTHEAST NOW (Assamese)

খেলো ইণ্ডিয়াত অসমৰ সন্তৰণবিদ শিৱাংগী শৰ্মাৰ পুনৰ স্বৰ্ণ পদক অৰ্জন

January 19, 2020 8:27 am · এন ই নাও নিউজ
Updated: January 19, 2020 8:29 am

গুৱাহাটীত অনুষ্ঠিত হৈ থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে আয়োজক ৰাজ্য অসমে।

খেলো ইণ্ডিয়াৰ য়ুথ গেমছত শনিবাৰে অসমৰ হৈ পুনৰ সাঁতোৰত স্বৰ্ণ পদক অৰ্জন কৰে প্ৰতিভাৱান সন্তৰণবিদ শিবাংগী শৰ্মাই।

শিৱাংগীয়ে শনিবাৰে ৪০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। বৰ্তমানলৈকে শিৱাংগীয়ে তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্যযোগ্য যে শুকুৰবাৰে আৰম্ভ হোৱা সাঁতোৰৰ প্ৰথম দিনটোতে দুটাকৈ স্বৰ্ণপদক অৰ্জন কৰিছিল শিৱাংগীয়ে। সাঁতোৰৰ ২১ বছৰৰ অনূৰ্ধ্বত মহিলাৰ ২০০ আৰু ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণপদক লাভ কৰিছিল শিৱাংগীয়ে।

বৰ্তমানলৈ ৯টা হ’ল অসমৰ স্বৰ্ণ পদকৰ সংখ্যা। খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰাজ্যলৈ প্ৰথমটো স্বৰ্ণ পদক আনিছিল পূজা বসুমতাৰীয়ে। প্ৰতিযোগিতাখনৰ জুডো ইভেণ্টত পূজা বসুমতাৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰিছিল।

 

Related News