NORTHEAST NOW (Assamese)

ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপত তৃতীয়টো স্বৰ্ণ বুটলিলে শিৱাংগী শৰ্মাই

October 29, 2021 7:53 pm · এন ই নাও নিউজ, গুৱাহাটী

বাংগালুৰুত অনুষ্ঠিত চলিত ৭৪ সংখ্যক ছিনিয়ৰ একুৱেটিক চেম্পিয়নশ্বিপ ২০২১ত শুকুৰবাৰে অসমৰ শিৱাংগী শৰ্মাই আন এটা সোণৰ পদক অৰ্জন কৰিছে। ২০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰিছে শিৱাংগী শৰ্মাই।

শিৱাংগীয়ে ২:৭:১০ সময়ত নিজৰ ইভেণ্ট সম্পূৰ্ণ কৰি প্ৰতিযোগিতাখনত তৃতীয়টো স্বৰ্ণ অৰ্জন কৰে।

ইয়াৰ আগতে ৪০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত
শিৱাংগীয়ে স্বৰ্ণ লাভ কৰিছিল।

প্ৰতিযোগিতাখন ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ আছে। শিৱাংগীয়ে বুধবাৰে ৫৯.০৭ সময়ৰ সৈতে ১০০ মিটাৰ ফ্ৰী ষ্টাইল ইভেণ্টত দ্বিতীয়টো সোণৰ পদক জিকিছিল আৰু টকিঅ’ অলিম্পিয়ান শিৱানী কাটাৰিয়াক পৰাস্ত কৰিছিল।

মঙলবাৰে ৪০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত ৪:৩১:৮৯ সময়েৰে প্ৰথমটো স্বৰ্ণ জয় কৰিছিল।

তৃতীয়টো স্বৰ্ণ অৰ্জন কৰি শিৱাংগী শৰ্মাই ইতিহাস সৃষ্টি কৰিছে, কিয়নো অসমৰ কোনো সাঁতোৰবিদে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা স্বৰ্ণ জয় কৰা নাছিল।

Related News