NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ ভয়াবহতাৰ বাবে আৰু এবছৰলৈ ক্ৰিকেট নহ’ব বুলি ভয় আখতাৰৰ

April 22, 2020 1:57 pm · এন ই নাও নিউজ
ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে স্তব্ধ কৰি তুলিছে সাধাৰণ জনজীৱন। এই মহামাৰীৰ বাবে বন্ধ হৈ আছে সকলো ধৰণৰ স্প’ৰ্টছ টুৰ্ণামেণ্ট।

এই ভয়াবহতাৰ কথা উল্লেখ কৰি সমগ্ৰ বিশ্বত ক্ৰিকেট যে কমেও আৰু এবছৰ খেলিব পৰা নাযাব তাক লৈ মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱাইব আখতাৰে।

ৰাৱালপিণ্ডি এক্সপ্ৰেছ বুলি জনপ্ৰিয় আখতাৰে এই প্ৰসংগত কয়, ‍‘এই ভাইৰাছবিধৰ পৰা পৃথিৱী কেতিয়া মুক্ত হ’ব ক’ব নোৱাৰি। এতিয়াৰ পৰা বলাৰসকলে ছুইঙৰ বাবে বলত জিভাৰ পৰা থু সনাটো সম্ভৱ নহ’ব’।

তেওঁ লগতে কয় যে বলাৰসকলে বলটো চকমকীয়া তথা ৰিভাৰ্চ চুইং কৰিবৰ বাবে থু সানিছিল। এই কৌশলে বলাৰসকলক সফলতা লাক্ষৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল।

উল্লেখ্য যে বলাৰে লোৱা এই কৌশল বাৰণ কৰা হ’ব বুলি অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ ভিত্তিতে ৪৪ বছৰীয়া আখতাৰে এই মন্তব্য প্ৰকাশ কৰিছে।

Related News