NORTHEAST NOW (Assamese)
Popular Stories

পেৰালিম্পিকত পদক বিজয়ীলৈ অভিলাষী ঘোষণা চৰকাৰৰ; ধনসহ চৰকাৰী চাকৰি প্ৰদান

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 4, 2021 5:34 pm
Paralympic

টকিঅ’ পেৰালিম্পিকত উজ্বলি উঠিছে ভাৰত।

পাঁচ ছেপ্টেম্বৰত শেষ হ’ব লগা পেৰালিম্পিকত ভাৰতে জয় কৰিছে ১৫ টাকৈ পদক।

শনিবাৰে পুৰুষৰ পি ফ’ৰ মিক্সড ৫৯ মিটাৰ পিষ্টল এছএইছআই শিতানত পদক জয় কৰিছে শ্বুটাৰ মনীষ নাৰৱাল আৰু সিংহৰাজ আদানাই।

১৯ বৰ্ষীয় মনীষ নাৰৱালে সোণ আৰু সিংহৰাজ আদানাই ৰূপৰ পদক জয় কৰিছে।

দেশলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী শ্বুটাৰক সন্মান জনাবলৈ তেওঁলোকৰ গৃহৰাজ্য হাৰিয়ানা চৰকাৰে প্ৰদান কৰিছে অভিলাসী ঘোষণা।

মনোহৰ লাল খট্টৰ নেতৃত্বাধীন চৰকাৰখনে ঘোষণা কৰে যে মনীষ নাৰৱাল আৰু সিংঘৰাজ আদানাক ক্ৰমে ৬ কোটি আৰু ৪ কোটিকৈ প্ৰদান কৰা হ’ব।

সংবাদ প্ৰতিষ্ঠানসমূহৰ খবৰ অনুযায়ী, আৰ্থিক সন্মানৰ উপৰিও ক্ৰীড়াবিদ দুগৰাকীক চৰকাৰী চাকৰিও প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হাৰিয়ানা চৰকাৰে পেৰালিম্পিকত পদকজয়ী ৰাজ্যখনৰ আন কেইবাগৰাকী ক্ৰীড়াবিদক আৰ্থিক সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

ঘোষণা অনুযায়ী জেভেলিন থ্ৰ’ত সোণৰ পদক জয়ী সুমিত আনটিল আৰু ডিছকাছ থ্ৰ’ত ৰূপৰ পদকজয়ী যোগেশ কাথুনিয়াক ক্ৰমে ৬ কোটি আৰু ৪ কোটি টকাকৈ প্ৰদান কৰা হ’ব।

তদুপৰি, পেৰালিম্পিকৰ আৰ্চাৰী শিতানত দেশৰ হৈ একমাত্ৰ পদক জয় কৰা হৰৱিন্দৰ সিঙকো ২.৫ কোটি টকা প্ৰদানৰ ঘোষণা কৰা হৈছে। আৰ্চাৰগৰাকীয়ে শুকুৰবাৰে আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আৰ্থিক সন্মানৰ উপৰিও ক্ৰীড়াবিদকেইগৰাকীক চৰকাৰী চাকৰিও প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে হাৰিয়ানা চৰকাৰে।