NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ চিনচিনাটি চহৰত মাজ ৰাতি গুলীচালনা : ১৮ গৰাকী গুলীবিদ্ধ, ৪ গৰাকী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 5:59 pm
gun-2227646_1920

আমেৰিকাৰ চিনচিনাটি চহৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

শনিবাৰে ৰাতি চহৰখনৰ একাধিক স্থানত সংঘটিত গুলীচালনাত ১৮ জন লোক গুলীবিদ্ধ হৈছে। উক্ত গুলীবিদ্ধ ১৮ জন মাজৰ চাৰিজন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

চহৰখনৰ আৰক্ষীৰ সূত্ৰৰ খবৰ মতে ৰাতি ১২ বজাত চহৰখনৰ আভোনডেল এলেকাত প্ৰথমে দুবৃত্তই গুলীচালনা কৰে। এই গুলীচালনা এণ্ট’নিঅ’ ব্লেয়াৰ নামৰ এজন যুৱকৰ লগতে আৰু তিনিজন যুৱক গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ নিয়াৰ পথত ব্লেয়াৰৰ মৃত্যু হয়।

ইয়াৰ পিছতে চহৰখনৰ অ’ভাৰ দ্য ৰাইন এলেকাত পুনৰ গুলীচালনা সংঘটিত হয়। এই গুলীচালনাত ১০ গৰাকী লোক গুলীবিদ্ধ হোৱাৰ লগতে ঘটনাস্থলীতে এগৰাকীৰ মৃত্যু হয়। আৰু এগৰাকীৰ গুলীবিদ্ধৰ চিকিৎসালয়ত মৃত্যু ঘটে।

ইয়াৰোপৰি চহৰখনৰ অৱালনাটৰ পাহাৰীয়া এলেকাতো দুবৃত্তই গুলীচালনা কৰে। দেওবাৰে পুৱা চহৰৰ পশ্চিমাঞ্চলতো সংঘটিত হয় গুলীচালনা। এই গুলীচালনাত এগৰাকী লোকৰ মৃত্যু ঘটিছে।

এক ডেৰ ঘণ্টাৰ ব্যৱধানত গুলীচালনাৰ ঘটনাবোৰ সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

চহৰখনৰ সহকাৰী আৰক্ষী আয়ুক্ত পল নিউজগেটে দাবী কৰিছে যে, সংঘটিত গুলীচালনাৰ ঘটনাবোৰ পৰম্পৰৰ সৈতে সম্পৰ্কৃত নহয়, আটাইকেইটা গুলীচালনা ঘটনাই একো একোটা বিচ্ছিন্ন ঘটনাহে।

আৰক্ষীয়ে গুলীচালনাৰ ঘটনাসমূহ বিচ্ছিন্ন ঘটনা বুলি দাবী কৰিলেও বৰ্তমানলৈকে ঘটনাৰ সন্দৰ্ভত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

চহৰখনৰ মেয়ৰ জন ক্ৰানলিনে কয় যে মহামাৰীৰ সময়ত ৰেষ্টোৰেন্ট বাৰ আদি বন্ধ থকাত নিজৰ নিজৰ ঠাইত পাৰ্টি আদি কৰিবলৈ আৰম্ভ কৰিছে মানুহে। ইয়াৰ ফলতে এতিয়া বন্দুক সৰজলভ্য হোৱাত এনেধৰণৰ ঠাইবোৰত হিংসাত্মক ঘটনাৰ বৃদ্ধি পাইছে।