NORTHEAST NOW (Assamese)
অসম

মুখ্য ন্যায়াধীশৰ প্ৰতি অৱহেলা-অৱজ্ঞাৰ ঘটনা : অতিৰিক্ত উপায়ুক্ত পুলক মহন্ত, প্ৰশান্ত কাঠকটীয়ালৈ কৈফিয়ৎ দিয়াৰ জাননী

Posted by: নৰ্থ-ইষ্ট নাও নিউজ November 10, 2018 12:21 pm
How can you expect people to have faith in your governance amidst this chaos? Asks CJI Gogoi

দেশৰ শীৰ্ষ আদালতখনৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ প্ৰতি দেখুওৱা অৱহেলা আৰু অৱজ্ঞাৰ মনোভাবৰ বাবে চৰকাৰে নিলম্বন কৰা কামৰূপ মহানগৰৰ জিলাৰ দুজন অতিৰিক্ত উপায়ুক্ত ক্ৰমে পুলক মহন্ত আৰু প্ৰশান্তপ্ৰতিম কাঠকটীয়াক ৰাজ্য চৰকাৰে কাৰণ প্ৰদৰ্শনৰ জাননী দিছে।

৯ নৱেম্বৰত দিয়া জাননীত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব তাৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

ৰাজ্য চৰকাৰৰ সূত্ৰই জনোৱা মতে এই কৈফিয়ৎ তলবৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় গোচৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

উল্লেখযোগ্য যে যোৱা  ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসম ভ্ৰমণ কৰাৰ সময়ত ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্য্যাদাৰে বৰঝাৰত আদৰণি জনাইছিল। কিন্তু তাৰ মাজতে সেই সময়ত নিৰাপত্তাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই অসৌজন্যসূচক মন্তব্য কৰিছিল ন্যায়াধীশজনৰ প্ৰতি, যিটো পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ত ধৰা পৰে। ভাইৰেল হোৱা ভিডিঅ’টোত অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই অভদ্ৰজনোচিত মন্তব্য কৰাৰ কথাটো পোহৰলৈ অহাৰ পিছতে চৰকাৰে তেওঁক নিলম্বন কৰে।

আনহাতে ১৭ অক্টোবৰত মুখ্য ন্যায়াধীশজনে কামাখ্যা দৰ্শনৰ সময়ত তেওঁক যথাযথ নিৰাপত্তাৰ আগ বঢ়োৱা হোৱা নাছিল, যাৰ ফলত বিজেপিৰ কৰ্মী-সমৰ্থকৰ ভিৰত আবদ্ধ হৈ পৰিব লগীয়া হৈছিল মুখ্য ন্যায়াধীশজন। মুখ্য ন্যায়াধীশজনৰ প্ৰতি সঠিক দায়িত্ব পালন নকৰাৰ জগৰত পৰি ২০ অক্টোবৰত চাকৰিৰ পৰা নিলম্বিত হৈছিল প্ৰশান্ত কুমাৰ কাঠকটীয়া।

প্ৰশান্ত কাঠকটীয়াৰ লগতে একেই জগৰত গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত ভৱৰলাল মীনাও নিলম্বিত হৈছিল।