Home › জীৱনশৈলী শ্ৰুতি হাছান-শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কৰ অৱসান!ইনষ্টাগ্ৰামত ইজনে-সিজনক কৰিলে আনফ’ল’ April 27, 2024 7:37 am · এন ই নাও নিউজ, গুৱাহাটী শ্ৰুতি হাছান আৰু প্ৰেমিক শান্তনু হাজৰিকাৰ সম্পৰ্কৰ বিচ্ছেদৰ খবৰে সংবাদ শিৰোনাম দখল কৰিছে৷ যোৱা কেইসপ্তাহমানৰ পৰা শ্ৰুতি হাছানে শান্তনুৰ সৈতে কোনো ফটো শ্বেয়াৰ কৰা নাই। ইনষ্টাগ্ৰামতো আনফ’ল’ কৰিছে দুয়োজনে। অৱশ্যে শ্ৰুতি হাছান বা শান্তনু হাজৰিকাই তেওঁলোকৰ বিচ্ছেদৰ আঁৰৰ কাৰণৰ বিষয়ে মুকলিকৈ কোৱা নাই। ছ’চিয়েল মিডিয়াত শ্ৰুতি আৰু শান্তনুৰ মাজত বিচ্ছেদ হোৱাৰ খবৰ ওলোৱাৰ পাছতে বিষয়টোৱে শিৰোনাম দখল কৰিছে। আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি এমাহ পূৰ্বে দুয়োৰে মাজত বিচ্ছেদ ঘটাৰ পাছতে তেওঁলোকে সম্পৰ্কৰ অন্ত পেলাইছে। ৰিপৰ্টৰ পৰা অনুমান কৰিব পাৰি যে তেতিয়াৰ পৰাই তেওঁলোক দুয়োজনে পৃথকে পৃথকে বাস কৰি আহিছে। কেইসপ্তাহমানৰ আগতে শ্ৰুতি হাছানে ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছিল। ঘূৰি আহি শ্ৰুতিয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ৰহস্যময় পোষ্ট দিয়ে। পোষ্টটোত লিখা আছিল, “It’s been a crazy ride, learning so much about myself and about people (sic).” ইতিমধ্যে শ্ৰুতিয়ে ইনষ্টাগ্ৰাম পেজত শান্তনু হাজৰিকাৰ সৈতে থকা শেহতীয়া সকলো পোষ্ট ডিলিট কৰি পেলাইছে৷ উল্লেখ্য যে Covid-19 মহামাৰীৰ পাছৰে পৰা শ্ৰুতি হাছান আৰু শান্তনু হাজৰিকাই ডেটিং কৰি আছিল। মুম্বাইস্থিত শ্ৰুতিৰ ঘৰত দুয়ো একেলগে থাকিছিল। প্ৰায়ে, তেওঁলোকে নিজৰ ইনষ্টাগ্ৰাম পেজত ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰিছিল। ‹ বিজেপিক ভোট নিদিলে চলোৱা হ’ব উচ্ছেদ :… IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০… › Related Newsশীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগJuly 31, 2026 10:31 am · এন ই নাও নিউজ, গুৱাহাটী পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিকJuly 31, 2026 8:36 am · এন ই নাও নিউজ, গুৱাহাটী কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰJuly 31, 2026 7:46 am · এন ই নাও নিউজ, গুৱাহাটী ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাতJuly 31, 2026 6:30 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁওJuly 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী