NORTHEAST NOW (Assamese)
অসম

চিআইডিএফৰ ১০০কোটি টকাৰ পুজি: শিৱসাগৰ আছুৰ সংবাদ মেল; বিধায়কৰ নিৰ্লিপ্ততাক ধিক্কাৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 17, 2022 1:07 pm

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যলয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ চহৰ আন্ত:গাঁথনি বিকাশ পুজি (CIDF)ৰ  ১০০ কোটি টকাৰ পুঁজি সন্দৰ্ভত এই সংবাদমেল অনুষ্ঠিত কৰা হৈছিল।

শিৱসাগৰৰ ১৬টা শিতানত প্ৰায় ৯৯ লক্ষ টকা প্ৰাককলন প্ৰস্তত কৰা হৈছিল। CIDF পুঁজি UIDFলৈ হস্তান্তৰ কৰাকলৈ উদ্বেগ প্ৰকাশ কৰে ছাত্ৰ সন্থাই।

লগতে পঢ়ক: Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

এতিয়া এই পুঁজি হস্তান্তৰ কৰিলে ১৬ টা শিতানৰ পৰিকল্পনা সন্দিহান হৈ পৰিব বুলিও প্ৰকাশ কৰে ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ দাবী যে UIDFৰ জৰিয়তে যি ৰূপায়ন কৰিব আছে কৰক কিন্ত CIDF নিৰ্ধাৰিত দফা সমূহ কাৰ্যকৰী হব লাগিব। কেৱল জে’ল আৰু কনভেনচন হ’লত এই ধন ব্যয় কৰাটো গ্ৰহণযোগ্য নহয় বুলি ব্যক্ত কৰে সংগঠনটোৱে।

আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নিৰ্লিপ্ততাকো ধিক্কাৰ দিয়ে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই।

লগতে পঢ়ক: Flood in Assam: সহায়ৰ হাত! অসমলৈ বান সাহায্য আগবঢ়ালে বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীয়ে

ৰাজনৈতিক ষড়যন্ত্ৰৰে বিজেপি মিত্ৰজোঁট চৰকাৰে সদায় শিৱসাগৰক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি এনে ষড়যন্ত্ৰ পৰিহাৰ কৰাৰ আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।