NORTHEAST NOW (Assamese)

ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’

May 11, 2019 6:29 am · পার্শ্বজোতি গগৈ
শিৱসাগৰত অনুষ্ঠিত 'বিহু গ'লে বিনাবা কাক' অনুষ্ঠানৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ‘ৰংমন’ৰ উদ্যোগত শিৱসাগৰ নাট্যমন্দিৰত ‘বিহু গ’লে বিনাবা কাক’ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

পতাকা আৰু বিহুৱান উত্তোলন কৰে ক্ৰমে ‘ৰংমন’ৰ সভাপতি প্ৰতাপ চাংকাকতি আৰু উদযাপন সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়াই। চহিদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক নৰেন চেতিয়া, জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁই, উদযাপন সমিতিৰ সভাপতি বুদ্ধেশ্বৰ চুতীয়া আৰু ব্ৰজেন ফুকনে।

সমূহীয়া জলপানৰ পাছতে ক্ৰমে পিঠা-পনা প্ৰতিযোগিতা, জাতীয় চহিদৰ পৱিত্ৰ স্মৃতিত আৰু শিৱসাগৰৰ বিশিষ্ট শিল্পী-সমাজকৰ্মীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আনহাতে, শিৱসাগৰৰ সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়াক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ২০ গৰাকী ব্যক্তিক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক প্ৰেম গগৈ আৰু তেজপুৰৰ বিশিষ্ট শিল্পী ৰাতুল কৃষ্ণ শৰ্মা উপস্থিত থাকে।

ইয়াৰ পাছতে তাই ‘লাই লুং খাম’ নৃত্য, হুঁচৰি, জেং বিহু, জিকিৰ, ঢোলবাদন, জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে জাতীয়-জনগোষ্ঠীয়-পৰম্পৰাগত সাজ-পাৰ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে।

Related News