NORTHEAST NOW (Assamese)
অসম

অনন্য ৰূপত শিৱসাগৰৰ উপায়ুক্ত; ঐতিহাসিক খাটপাৰ সত্ৰত পৰিবেশন কৰিলে কৰ্ণাটকী সংগীত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 3, 2019 6:39 am
20191103_013016

এইবাৰ এক অনন্য ৰূপত দেখা গ’ল শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াক। বিগত সময়ত কোলাত কেঁচুৱা লৈয়ো নিজ কৰ্তব্য সুচাৰুৰূপে পালন কৰি অহা উপায়ুক্তগৰাকীৰ কণ্ঠত শুনিবলৈ পোৱা গ’ল কৰ্ণাটকী সংগীতৰ মধুৰ সুৰ।

অসমত উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে পৰিদৰ্শন কৰিলে আহোম যুগতে প্ৰতিষ্ঠিত শিৱসাগৰৰ হাঁহচৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী খাটপাৰ সত্ৰ।

সত্ৰখনত উপস্থিত হৈ উপায়ুক্তগৰাকীয়ে সাক্ষাৎ কৰে সত্ৰখনৰ সত্ৰাধিকাৰ শ্ৰী ৰেৱকান্ত মহন্তদেৱক।

সত্ৰাধিকাৰগৰাকীৰ পৰা তেওঁ সত্ৰখনৰ ঐতিহ্যৰ লগতে বিভিন্ন বিষয় যেনে সত্ৰীয়া সংস্কৃতি, মুখাশিল্পীৰ লগতে সত্ৰখনত সংৰক্ষিত সাঁচিপাতৰ পুথি পৰিদৰ্শন কৰাৰ লগতে সংৰক্ষণৰ বিষয়েও আলোচনা কৰে।

আনহাতে, শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ নামঘৰত আশিস লৈ অসমীয়া পাৰম্পৰিক বাদ্য খোলৰ তালে তালে কৰ্ণাটকী ধ্ৰুপদ সংগীত পৰিবেশন কৰি সংগীতৰ মাধ্যমেৰে সাংস্কৃতিক সমন্বয় বাৰ্তা প্ৰেৰণ কৰে।

উপায়ুক্তগৰাকীৰ কণ্ঠত প্ৰাণ পাই উঠা সুমধুৰ কৰ্ণাটকী সংগীতে সমগ্ৰ খাটপাৰ সত্ৰবাসীক মুগ্ধ কৰি তোলে।

তদুপৰি, সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তদেৱৰ সৃষ্টিৰাজি মুখাশিল্পৰ প্ৰতি আকৃষ্ট হৈ পৰে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া।

শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ মুখাশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে জিলা প্ৰশাসনে কৰ্মশালা তথা প্ৰদৰ্শনী আয়োজন কৰাৰ লগতে সত্ৰখনক পৰ্যটকৰ আকৰ্ষণৰ প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত ল’ব বুলি ঘোষণা কৰে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই।

20191103_012946
সত্ৰাধিকাৰৰ সৈতে আলোচনাকালত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া। ফটো: নৰ্থইষ্ট নাও

ইয়াৰ মাজতে সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তদেৱে সত্ৰত উপস্থিত হোৱা শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াক সম্বৰ্ধনা জনায়।

উল্লেখ্য যে ১৫ শতিকাত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই শিৱসাগৰৰ হাঁহচৰাত প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী খাটপাৰ সত্ৰ। অসমৰ আন আন সত্ৰসমুহৰ ভিতৰত শ্ৰী শ্ৰী খাটপাৰ সত্ৰ অন্যতম।

প্ৰতিষ্ঠাকালৰে পৰা এইখন সত্ৰত গুৰুদুজনাৰ সৃষ্টি সত্ৰীয়া সংস্কৃতি চৰ্চা কৰি অহাৰ লগতে সত্ৰখনত নিৰ্মিত মুখাশিল্পই সমগ্ৰ বিশ্বতে সুনাম কঢ়িয়াই আনিছে।

মুখাশিল্পৰ বাবে শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তদেৱে ২০০৮ চনত ভাৰত চৰকাৰৰ পৰা শিল্পগুৰু সন্মান পোৱাৰ লগতে ২০১৪ চনত সংগীত নাটক একাডেমী বঁটা, ২০১৭ চনত সৃজন বঁটা আৰু ২০১৮ চনত বিষ্ণুৰাভা বঁটা লাভ কৰিছিল।

অসমৰ লগতে ভাৰতৰ আৰু বিদেশৰ বহু সংগ্ৰহালয়ত ৰেৱকান্ত মহন্তদেৱে নিৰ্মাণ কৰা মুখা সংৰক্ষিত হৈ আছে। মহন্তদেৱে সত্ৰত বহু নৱপ্ৰজন্মক মুখাশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।