NORTHEAST NOW (Assamese)

কিয় শিৱসাগৰত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিলে প্ৰশাসনে?

May 2, 2019 6:20 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক মাছধৰা ফটো। উৎস : য়ুটিউব

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত মাছধৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলত এতিয়া ৰাইজে যধে মধে মাছ ধৰাৰ অনুমতি নাথাকিব আৰু নিষেধাজ্ঞা উলংঘন কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।

শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ (সংশোধিত, ২০০৫) অনুসৰি সমগ্র জিলাতে বলবৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি যোৱা ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৭ ছেন্টিমিটাৰ বাৰ/ ১৪ ছেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল অথবা অন্য জাল মাছ থকা জলৰাশি (fishery)ত ব্যৱহাৰ কৰিব নোৱাৰিব।

এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে এই অবধিৰ ভিতৰত ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো বাৰণ কৰা হৈছে।

প্ৰশাসনে জাৰি কৰা এই আদেশ তৎকালীনভাৱে বলবৎ হোৱাকৈ ৬০ দিনলৈ বা পৰৱৰ্তী আদেশ জাৰি নোহোৱাকৈ বাহাল থাকিব।

আনহাতে, এই আদেশ উলংঘা কৰা সকলক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব বুলিও নিৰ্দেশটোত কোৱা হৈছে।

Related News