NORTHEAST NOW (Assamese)

কোভিড পজিটিভ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি; জিএমচিএইচত ভৰ্তি

January 18, 2022 7:35 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত  সোমবাৰে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়।

বাতৰি অনুসৰি, শনিবাৰে কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত সোমবাৰে এইদৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

অখিল গগৈৰ পত্নী আৰু পুত্ৰৰ দেহতো ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

লগতে পঢ়ক: Covid-19 Update: দেশত সামান্য নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; পজিটিভিটিৰ হাৰ প্ৰায় ২০ শতাংশ

বিধায়ক অখিল গগৈৰ শৰীৰত অক্সিজনৰ স্তৰ হ্ৰাস পোৱাৰ বাবে তেওঁক হাস্পাতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। 

Related News