NORTHEAST NOW (Assamese)
অসম

এফালে মুখ্যমন্ত্ৰীৰ ভাষণ আৰু আনফালে গভীৰ টোপনিত বিধায়ক অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 13, 2021 12:08 pm
Akhil Gogoi in Assembly

বিধান সভাৰ মজিয়াত টোপনি মাৰি টোপনি সম্ৰাজ্ঞী আখ্যা পোৱা নৱনীতা সন্দিকৈৰ পাছতে এইবাৰ বিধানসভাত টোপনি মাৰি থকা দেখা গ’ল বিধায়ক অখিল গগৈক।

এফালে মুখ্যমন্ত্ৰীয়ে ভাষণ দি আছিল আৰু আনফালে বিধায়ক অখিল গগৈ টোপনিত লালকাল।

বিধায়ক হিচাপে তেওঁ বহু ব্যস্ত লোক গতিকে এইক্ষেত্ৰত তেওঁৰ টোপনি অহাটো স্বাভাৱিক। কিন্তু তেওঁ টোপনি মাৰি থকা অৱস্থাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ বিষয়ত দি আছিল বক্তব্য।

মিজোৰাম, মেঘালয়কে ধৰি অন্য ৰাজ্যৰ সীমা সুৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰি আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। যি বিষয়ত কিছু দিন পূৰ্বে সৰৱ ভূমিকা লৈছিল অখিল গগৈয়ে নিজেই।

তেনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বক্তব্য চলি থকাৰ মাজতে অখিল গগৈ শুই থকা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

২০ মিনিটৰো অধিক সময় টোপনি মাৰি থকা দেখা গ’ল অখিল গগৈক।

বাতৰি লিখি থকাৰ সময়লৈকে টোপনি মাৰি থকা দেখা গ’ল বিধায়ক অখিল গগৈক।