NORTHEAST NOW (Assamese)

অসমীয়া লোকগীত আৰু লোকবাদ্যৰ প্ৰতি নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰয়াস শিৱসাগৰৰ সুৰ সমলয় কলা সংস্থাৰ

July 17, 2022 5:31 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰ: ক্ৰমাৎ হেৰাই যাব ধৰা অসমীয়া লোকগীত আৰু লোকবাদ্যক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ এক প্ৰয়াস কৰিছে শিৱসাগৰৰ সুৰ সমলয় কলা সংস্থাই।

শিৱসাগৰ দৰিকাপাৰত সুৰ সমলয় কলা সংস্থাৰ উদ্যোগত ১৩ দিনীয়াকৈ অনুষ্ঠিত হয় লোকবাদ্য আৰু লোকগীতৰ কৰ্মশালাৰ।

শনিবাৰে সামৰণি পৰা এই কৰ্মশালাৰ লগত সংগতি ৰাখি দৰিকাপাৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় বিশেষ অনুষ্ঠান।

ফটো: নৰ্থইষ্ট নাও।

বিশিষ্ট লোকবাদ্য শিল্পী পদ্ম বায়নে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত কণ কণ প্ৰশিক্ষাৰ্থী সকলে খোল, নাগাৰা, বন গীত, গোৱালপৰীয়া লোকগীত আদি পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

সুৰ সমলয় কলা সংস্থানৰ সমন্বয়ক দীপজ্যোতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোত  ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে শিল্পী পেঞ্চনাৰ তথা বিশিষ্ট লোক শিল্পী পদ্ম বায়ন, লোক শিল্পী দ্বিজেন গগৈ, গোৱালপাৰাৰ পৰা আহি  শিৱসাগৰত বাহৰ পাতি থকা শিল্পী বাৰলাংফা নাৰ্জাৰীকে ধৰি কেইবাগৰাকী প্ৰসিদ্ধ শিল্পীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল ছাত্ৰ-ছাত্ৰী সকলক।

ফটো: নৰ্থইষ্ট নাও।

লোকবাদ্য আৰু লোকগীতৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলক পৰিচয় কৰাই শুদ্ধ ৰূপত পৰিৱেশন কৰিব পৰাকৈ প্ৰাথমিক জ্ঞান দিয়াৰ উদেশ্য এই কৰ্মশালা অনুষ্ঠিত কৰা হয়।

Related News