NORTHEAST NOW (Assamese)
Popular Stories

বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ : মুম্বাইত সম্পন্ন হ’ব এক জটিল অস্ত্ৰোপচাৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 7:29 am
randeep-hooda_1515054164

বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ। এক জটিল অস্ত্ৰোপচাৰ বাবে মুম্বাইস্থিত এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতা গৰাকীক।

উল্লেখ্য যে কিছুদিন পূৰ্বে অৰ্থাৎ যোৱা ২০ আগষ্টত অভিনেতা গৰাকীয়ে ৪৪ সংখ্যক জন্মদিন পালন কৰি গৈছে।

সূত্ৰৰ খবৰ অনুসৰি বুধবাৰে অসুস্থতাৰ বাবে অভিনেতা গৰাকীক মুম্বাইৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হৈছিল।

ইয়াৰ পিছতে চিকিৎসালয়ত অভিনেতা গৰাকীক ভর্তি কৰোৱা হয়।

জানিব পৰা মতে অভিনেতা গৰাকীৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব।

অৱশ্যে অভিনেতা গৰাকীৰ কি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব অথবা কি ৰোগত আক্ৰান্ত হৈছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

অভিনেতা গৰাকী বা তেওঁৰ পৰিয়ালৰ ফালৰ পৰাও সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা হোৱা নাই।

কিন্তু বুধবাৰে চিকিৎসালয়খনৰ এক সূত্ৰই বলিউদৰ অভিনেতা গৰাকীৰ এক গুৰুতৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

ইয়াৰ বাবে অভিনেতা গৰাকীৰ স্বাস্থ্যৰ পৰীক্ষাসমূহ আৰু কোভিড টেষ্ট কৰোৱা হৈছে।

অভিনেতা গৰাকীৰ কোভিড১৯ৰ ৰিজাল্ট নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০২০ বৰ্ষটো বলিউদৰ বাবে এক অভিশপ্ত বৰ্ষৰূপে পৰিচিত হৈছে। এই বৰ্ষতে দেশৰ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ইৰফান খান, জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰৰ ৰোগাক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ইফালে বলিউদৰ অন্য এগৰাকী প্ৰতিভাধৰ যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছে চলিত বৰ্ষতে। ইয়াৰ তদন্ত আৰম্ভ কৰিছে চিবিআই-এ।

চলিত বৰ্ষতে ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল সংগীত পৰিচালক ৱাজিদ খানৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে বলিউদৰ অন্য এগৰাকী জ্যেষ্ঠ অভিনেতা সঞ্জয় দত্ত।

এতিয়া অভিনেতা ৰণদীপ হুডাৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে চিন্তান্বিত হৈ পৰিছে অনুৰাগীসকল।