NORTHEAST NOW (Assamese)
অসম

সৌৰভ গাংগুলীৰ অসুস্থতাৰ খৱৰ শুনি উদ্বিগ্ন নাগমা; কি কৰিলে অভিনেত্ৰীগৰাকীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2021 2:52 pm
sourav-nagma-1530856660

ক্ৰিকেটাৰ মহাৰাজ সৌৰভ গাংগুলী আৰু দক্ষিণৰ অভিনেত্ৰী নাগমাৰ মাজত থকা বন্ধুত্বক লৈ এসময়ত সৰৱ চৰ্চা চলিছিল। ক্ৰিকেটাৰ আৰু অভিনেত্ৰীগৰাকীৰ মাজৰ সম্পৰ্কক লৈ এটা অসম্পূৰ্ণ কাহিনী ৰৈ গৈছে।

শনিবাৰে সৌৰভ গাংগুলী হঠাৎ অসুস্থ হোৱাৰ খৱৰ শুনি উদ্বিগ্ন হৈ পৰিছে অভিনেত্ৰী নাগমা।

সৌৰভ হাস্পাতলত ভৰ্তি হোৱাৰ পাছতে উদ্বিগ্ন নাগমাই টুইট কৰি মনৰ কথা প্ৰকাশ কৰিছে। টুইটটোত সৌৰভক ট্যাগ কৰি লিখিছে,’’শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিছো। অলেখ প্ৰাৰ্থনা থাকিল।‘’

শনিবাৰে পুৱাই ঘৰতেই জিম কৰি থকাৰ সময়ত সৌৰভ গাংগুলী মুৰ ঘুৰাই পৰি গৈছিল। লগে লগে তেওঁক উডলেণ্ডছ হাস্পাতলত ভৰ্তি কৰা হয়।

সৌৰভৰ অসুস্থতাৰ খৱৰ পোৱা মাত্ৰকে ৰাজনীতিক, ক্ৰীড়াবিদকে আৰম্ভ কৰি চেলিব্ৰেটিসকলেও ক্ৰিকেটাৰ গৰাকীৰ খৱৰ ল’বলৈ দৌৰি আহে আৰু কিছুমানে ছচিয়েল মিডিয়াৰ জৰিয়তে আশু আৰোগ্য কামনা কৰিছে।

উল্লেখ্য যে এসময়ত নাগমাৰ সৈতে সৌৰভৰ সম্পৰ্কক লৈ বহুতো মুখৰোচক কাহিনী প্ৰকাশ পাইছিল। আনকি অভিনেত্ৰীগৰাকীৰ সৈতে দাক্ষিণাত্যৰ এটা মন্দিৰত বিয়া কৰাৰ খৱৰো ওলাইছিল।

পিচে, সেই সকলোবোৰ জল্পনা-কল্পনা আগ নাবাঢ়িল আৰু সেয়া মাথোঁ এটা অসম্পূৰ্ণ গল্প হিচাপে ৰৈ গ’ল।