NORTHEAST NOW (Assamese)
জীৱনশৈলী

জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যুৰ পিছত সিদ্ধু মুছ ৱালাৰ মাতৃয়ে জন্ম দিলে এটি সন্তান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 17, 2024 4:23 pm

আততায়ীৰ হাতত জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যু হোৱা ঘটনাই দুটা বছৰ অতিক্ৰম কৰিলে। পিতৃ-মাতৃৰ বুকু সুদা কৰি সিদ্ধু অজান দেশলৈ গুচি গৈছিল যদিও পিতৃ-মাতৃৰ সেই শূন্যতা পূৰণ কৰিবলৈ সিদ্ধুৰ মৃত্যুৰ দুবছৰৰ পিছত পৃথিৱীলৈ আহিল সিদ্ধুৰ ভাতৃ।

জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ মৃত্যুৰ দুবছৰ পিছত গায়কগৰাকীৰ পিতৃ বালকৌৰ সিং আৰু মাতৃ চাৰণ কৌৰে জন্ম দিছে এটি পুত্ৰ সন্তান।  পিতৃত্ব অজৰ্নৰ এই খবৰটো দি সামাজিক মাধ্যমত এখন ছবিও পোষ্ট কৰিছে সিদ্ধুৰ পিতৃৰ  বালকৌৰ সিঙে।

 

View this post on Instagram

 

A post shared by Balkaur Singh (@sardarbalkaursidhu)

জানিব পৰা মতে, ৫৮ বছৰ বয়সত IVF পদ্ধতিৰে গৰ্ভধাৰণ কৰিছিল সিদ্ধুৰ মাতৃ চাৰণ কৌৰে। 

 

View this post on Instagram

 

A post shared by @jindal.heart.ivf

ইয়াৰ পূৰ্বে সিদ্ধুৰ মাতৃয়ে গৰ্ভধাৰণ কৰা খবৰটো সামাজিক মাধ্যমত বিয়পি পৰাৰ সময়ত সিদ্ধুৰ পিতৃয়ে বালকৌৰ সিঙে খবৰটো মিছা বুলি স্পষ্টীকৰণ দিছিল। 

কিন্তু সম্প্ৰতি সংবাদ মাধ্যমৰ আগত বালকৌৰ সিঙৰ ভাতৃ চামকৌৰ সিঙে সিদ্ধুৰ মাতৃয়ে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰটো নিশ্চিত কৰাৰ পিছত এই খবৰ সঁচা বুলি প্ৰমাণিত হৈছে।

উল্লেখ্য, ২০২২ চনৰ ২৯ মে’ত মানছা জিলাৰ জৱাহৰকে গাঁৱত নিজৰ গাড়ীৰ ভিতৰত থকা অৱস্থাতে আততায়ীয়ে সিদ্ধু মুছ ৱালাক হত্যা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২৮ বছৰ। একেটা বৰ্ষতে তেওঁ মানছাৰ সমষ্টিৰ কংগ্ৰেছৰ টিকটত পাঞ্জাবী বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।