NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত শিখ সকলৰ অৱদানক প্ৰশংসা ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 7:50 pm
Prince-Charles.jpg1

বৈশাখীৰ শুভেচ্ছামূলক বাৰ্তাত ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছে শিখ ধৰ্মালম্বী লোক সকলক প্ৰশংসা কৰে।

‘’ক’ৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁদ্ধত ব্ৰিটেইনত শিখসকলে প্ৰথম শাৰীত থাকি নেতৃত্ব লৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে,’’ ৰাজকুমাৰ চাৰ্লছে শিখসকলক প্ৰশংসা কৰি এইদৰে কয়।

চাৰ্লছে লগতে তেও আৰু পত্নী কেমিলা শিখ ধৰ্মালম্বী লোকসকলৰ অৱদানৰ বাবে কৃতজ্ঞ বুলিও জনায়।

উল্লেখযোগ্য যে, ব্ৰিটেইনৰ ৰাজকুমাৰ চাৰ্লছে বিগত মাহত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছত সুস্থ হৈ উঠে।

ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনো ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু ক্ৰমাৎ প্ৰধান মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় যদিও চিকিৎসাৰ অন্তত জনছনো সুস্থ হৈ ঘৰলৈ উভতি আহে।

সমগ্ৰ বিশ্বৰ লগতে ব্ৰিটেইনতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।