NORTHEAST NOW (Assamese)

অক্ষমণীয়! ছিকিম ভাৰতৰ অংগ নহয়; ক’লে দিল্লীৰ কেজৰিৱাল চৰকাৰে

May 24, 2020 7:11 am · এন ই নাও নিউজ

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে  শনিবাৰে বাতৰি কাকতত প্ৰকাশিত এটা বিজ্ঞাপনত ছিকিমক ভাৰতৰ পৰা পৃথক হিচাপে দেখুওৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ইয়াকে লৈ ছিকিমৰ মুখ্য মন্ত্ৰীয়ে দিল্লী চৰকাৰক এই বিষয়টোৰ শুধৰণি বিচাৰি অনুৰোধো কৰে।

কেজৰিৱাল চৰকাৰে বিজ্ঞাপনটো অৱশ্যে পাছত উঠাই লয় আৰু এই ঘটনাত এগৰাকী বিষয়াক নিলম্বিত কৰে।

দিল্লী চৰকাৰে এটা বিজ্ঞাপনত ছিকিমক নেপাল আৰু ভূটানৰ সৈতে ভাৰতৰ পৰা পৃথক দেশ হিচাপে দেখুৱাইছিল।

দিল্লী চৰকাৰৰ এই বিজ্ঞাপনটোক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে ছিকিমৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাঙে টুইট কৰি কয়,’’ছিকিম ভাৰতৰ এক অংগ। দিল্লী চৰকাৰক এই বিষয়টো শুধৰণি কৰিবলৈ অনুৰোধ জনালো।‘’

ছিকিমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ১৯৭৫চনৰে পৰা ছিকিম ভাৰতৰ অংগ হিচাপে আছে আৰু মাত্ৰ এসপ্তাহ পূৰ্বে ইয়াৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে।

আনহাতে, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্পষ্টীকৰণ দি কয়,’’ছিকিম ভাৰতৰ অৱিচ্ছেদ্য অংগ। এনে ভুল সহ্য কৰা নাযায়। বিজ্ঞাপনটো উঠাই লোৱা হৈছে আৰু ইয়াৰ সৈতে জড়িত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।‘’

উল্লেখযোগ্য যে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ তৰফৰ পৰা ছিভিল ডিফেন্সৰ সদস্য ভৰ্তিৰ বাবে বাতৰিকাকতত বিজ্ঞাপন দিয়া হৈছিল।

বিজ্ঞাপনটোৰ অৰ্হতাৰ শিতানত’’ভাৰতৰ নাগৰিক অথবা নেপাল, ভূটান বা ছিকিমৰ নাগৰিক’’বুলি লিখা হৈছিল।

নেপাল আৰু ভূটানৰ সৈতে এইদৰে ছিকিমকো পৃথক দেশ হিচাপে দেখুওৱা হয়। বিজ্ঞাপনটোত দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফটোও সংলগ্ন কৰা হৈছিল।

Related News