NORTHEAST NOW (Assamese)
ছিকিম

তিনি সহকৰ্মীক গুলীয়াই হত্যা কৰিলে ছিকিম আৰক্ষীৰ জোৱানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2022 8:47 pm
Police personnel shoots dead 3 colleagues

দিল্লীত নিযুক্ত ছিকিম আৰক্ষীৰ এজন ৩২ বছৰীয়া জোৱানে তিনিজন সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিণী অঞ্চলৰ হায়দৰপুৰ পানী শোধন প্ৰকল্পত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

আৰক্ষী জোৱানকেইজনৰ মাজত হোৱা বিবাদৰ ফলশ্ৰুতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জোৱানজনৰ গুলীত দুজন আৰক্ষী কৰ্মী কমাণ্ডাৰ পিণ্টো নামগিয়াল ভুটিয়া আৰু ইন্দ্ৰ লাল ছেত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে আনগৰাকী গুৰুতৰভাৱে আহত জোৱান ধনহাং চুব্বাক ড০ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

আনহাতে তিনি সহকৰ্মীৰ হত্যাত অভিযুক্ত জোৱান গৰাকীক প্ৰবিন ৰায় বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযুক্ত ৰায়ক গ্ৰেপ্তাৰ কৰিছে।

ধৃত প্ৰবিন ৰায় ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবিএন) ছিকিম আৰক্ষীত কৰ্মৰত আছিল।