NORTHEAST NOW (Assamese)
Popular Stories

ছিকিমত প্ৰথমটো কোভিড-১৯ পজিটিভ কে’চ চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2020 7:05 pm
covid-19

ছিকিমত আজি ৰাজ্যখনৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ কে’চ ধৰা পৰিছে।

জানিব পৰা মতে আক্ৰান্ত লোকজন কিছু দিনৰ পূৰ্বে নতুন দিল্লীৰ পৰা ৰাজ্যখনলৈ উভতি আহিছিল। লোকজনৰ বয়স ২৫ বছৰ।

ছিকিমৰ স্বাস্থ্য বিভাগৰ সচিব তথা পৰিচালন সঞ্চালক ড০ পেম্বা চেৰিং ভূটীয়াই এই কথা সদৰী কৰি আক্ৰান্ত লোকজনৰ ঘৰ দক্ষিণ ছিকিমত বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই পৰ্যন্ত এটাও কোভিড-১৯ৰ কে’চ নথকা ছিকিমত আজি প্ৰথমজন আক্ৰান্ত ব্যক্তি ধৰা পৰাত ৰাজ্য চৰকাৰ কিছি চিন্তিত হৈ পৰিছে।

বিশেষকৈ অহা ১৫ জুনৰ পৰা ৰাজ্যখনৰ শিক্ষা বিভাগে বিদ্যালয়সমূহ খোলাৰ পৰিকল্পনাক এতিয়া পুনৰ বিবেচনা কৰিব লাগিব।

কালি অৰ্থাৎ শুকুৰবাৰে ছিকিমৰ শিক্ষা মন্ত্ৰী নৰেন্দ্ৰ কুমাৰ প্ৰধানে অষ্টম শ্ৰেণীৰ ওপৰৰ শ্ৰণীসমূহ খোলা হ’ব বুলি কৈছিল। তেওঁ জনোৱা মতে অহা বৰ্ষৰ ফেব্ৰুৱাৰিত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।