NORTHEAST NOW (Assamese)
অসম

মুকলি হ’ল ‘শিক্ষা সেতু অসম’ পৰ্টেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2023 4:52 pm

সোমবাৰে গুৱাহাটীত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত ‘শিক্ষা সেতু অসম’ পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

গুৱাহাটীৰ কাহিলীপাৰাত পৰ্টেল মুকলিৰ এই অনুষ্ঠান অনুষ্ঠিত হয়। কৰ্মচাৰীৰ লগতে ছাত্ৰছাত্ৰীৰ তথ্যকে ধৰি চৰকাৰী বিদ্যালয় সম্পৰ্কীয় সকলো সবিশেষ তথ্য সংগ্ৰহৰ বাবে এই পৰ্টেল আৰম্ভ কৰা হৈছে।

ইফালে, ‘শিক্ষা সেতু অসম’ পৰ্টেল মুকলি কৰাৰ পিছত ৰাজ্যখনে ‘স্কুল প্ৰফাইল উন্নীতকৰণ সপ্তাহ’ পালন কৰিব লাগিব। ইয়াৰ দ্বাৰা বিদ্যালয় সমূহৰ সকলো তথ্য পৰ্টেলটোত আপলোড কৰা হ’ব।

অনুষ্ঠানত ভাষণ দি ৰানোজ পেগুৱে কয়, “এই পৰ্টেলৰ সহায়ত আমি শিক্ষাখণ্ডক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিবলৈ খুজিছোঁ।”

উল্লেখ্য যে ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অসমত ‘স্কুল প্ৰফাইল উন্নীতকৰণ সপ্তাহ’ৰ চলিব। এই কথা জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে।