NORTHEAST NOW (Assamese)
অসম

বিতৰ্কৰ মাজত সুস্মিতা দেব : প্ৰতিবাদৰ সময়ত দলীয় কৰ্মীক বাহন কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে (ভিডিঅ’ চাওক)

Posted by: এন ই নাও নিউজ September 10, 2018 6:06 pm
Susmita

ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি কংগ্রেছে দিয়া ভাৰত বন্ধৰ সময়ত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দলীয় কৰ্মীৰ কান্ধত উঠিল শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেব।

দিল্লীৰ ৰাজপথত ঘটা এই ঘটনাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমালোচনাৰ সন্মুখীন কৰাইছে সাংসদগৰাকীক। মানুহৰ কান্ধত উঠি মানুহক বাহন হিচাপে ব্যৱহাৰ কৰাটোৱে এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনৈতিক নেতাৰ কাণ্ডজ্ঞান সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক কৰিছে।

মন কৰিব লগীয়া কথা যে দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা স্নাতক ডিগ্ৰী লৈ ইংলেণ্ডত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। দেশ-বিদেশে উচ্চ শিক্ষাগ্ৰহণ কৰি অহা নেত্ৰীগৰাকী নিখিল ভাৰত মহিলা কংগ্ৰেছৰো সভানেত্ৰী।

তাৰোপৰি তেওঁ যোৱা প্ৰায় পাঁচটা দশক ৰাজনীতিত থকা এটা পৰিয়ালৰ সদস্যা। তেওঁৰ ককাক সতীন্দ্ৰমোহন দেবে ১০ বছৰ ধৰি অসমৰ বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল আৰু মন্ত্ৰীও হৈছিল। দেউতাক সন্তোষমোহন দেবো অসমৰ ৰাজনীতিৰ এজন উল্লেখযোগ্য ব্যক্তি। এইখন চৰকাৰৰ আগলৈকে সন্তোনমোহন দেব মন্ত্ৰী হৈ আছিল।

ইয়াৰ পিছতো এনেকুৱা এটা ৰাজনৈতিক সচেতন পৰিয়ালৰ পৰা অহা নেত্ৰীগৰাকীৰ আজিৰ কাণ্ডই বহুতকে হতভম্ভ কৰিছে। ছ’চিয়েল মিডিয়াতো নেত্ৰীগৰাকীৰ আজিৰ এই কাণ্ডক লৈ ইতিমধ্যে সৰৱ চৰ্চা আৰম্ভ হৈ গৈছে।