NORTHEAST NOW (Assamese)
অসম

C(A)A বিৰোধী প্ৰতিবাদেৰে পুৰণিগুদামত শিল্পী দিৱস উদযাপন

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা January 17, 2020 4:14 pm
Puranigudam Story

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ স্মৃতিত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো আজি বিভিন্ন কাৰ্য্যক্ৰমণিকাৰে শিল্পী দিৱস পালন কৰা হয়।

শিল্পী দিৱসৰ দিনাখন জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাগৰিকত্ব(সংশোধন)আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অনুষ্ঠানত ‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

পুৰণিগুদামৰ ভাস্কৰ্য্য শিল্পী পাৰ্থপ্ৰতীম বৰুৱাই পাঁচোগৰাকী চহিদৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

শিল্পী দিৱসত স্থানীয় ৰাইজৰ সহযোগত শিশু সকলৰ লগতে ভাস্কৰ্য্য শিল্পী গৰাকীয়ে গছ পুলি ৰোপনেৰে C(A)A-ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, অনুষ্ঠানস্থলীৰ পৰা ৰাইজে নাগৰিকত্ব (সংশোধন) আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ আদৰ্শেৰে অসমৰ শিল্পীসকলে অসমীয়া ভাষা, সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, পুৰণিগুদামৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপিত শিল্পী দিৱসত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে গীত, মাত, ছবিৰ লগতে বিভিন্ন ধৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।