NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জ্যোতিপ্ৰসাদক স্মৰণ, স্মৃতিগ্ৰন্থ উন্মোচন

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 17, 2022 6:22 pm
Silpi Divas celebrations in Sivasagar

আজি শিল্পী দিৱস৷ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো জ্যোতিপ্ৰসাদক স্মৰণ কৰি পালন কৰা হৈছে শিল্পী দিৱস।

বীণাপাণি সংগীত মহাবিদ্যালয় আৰু শ্ৰীমন্ত শংঙ্কৰদেৱ কলা কেন্দ্ৰৰ উদ্যোগত থানামুখবাসী ৰাইজৰ সহযোগত বীণাপনি সংগীত মহাবিদ্যালত শিল্পী দিৱস পালন কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়৷

সুজিতা দাসে আঁত ধৰা এই মুকলি সভাত কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সমাজকৰ্মী পোনাৰাম মিলি, ডেম্বিৰাম পাংগিং, বিজেপি নগৰ মণ্ডলৰ সভাপতি প্ৰণৱ কুমাৰ বৰুৱা, বীণাপাণি সংগীত বিদ্যালয়ৰ অধ্যক্ষ সূৰয পাতিৰ, সম্পাদক ক্ষীৰোদ নাথ দাস আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

আজিৰ মুকলি সভাতেই বীণা নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়| অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে গড়গাওঁ মহাবিদ্যালয় অধ্যক্ষ সব্যসাচী মহন্ত।

শিল্পী দিৱসৰ অনুষ্ঠানতেই সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বয়োজ্যোষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

সন্ধিয়ালৈ শিল্পী আৰু কলা-কুশলী সকলে ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত ‘নিৰ্মল ভকত’ নাট মঞ্চস্থ কৰিব।