NORTHEAST NOW (Assamese)
Popular Stories

কেঁচু খান্দোতে ওলাব নেকি সাপ? শ্যামকানু মহন্তৰ ঘৰত উদ্ধাৰ ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2025 9:55 pm

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যত প্ৰায় ৬০খন এজাহাৰ দাখিল হৈছে। গীতানগৰস্থিত তেওঁৰ বাসগৃহত বিশেষ অনুসন্ধানকাৰী দলে (SIT) দুদিন ধৰি অভিযান চলায়। অভিযানত পোহৰলৈ আাহিছে ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য। এই অভিযানত চৰকাৰী আৰু বিভিন্ন কোম্পানীৰ নামৰ প্ৰায় ৩০টা ছীল-মোহৰ জব্দ কৰা হৈছে। ইয়াৰ উপৰি বহু বেনামী সম্পত্তিৰ তথ্য, বিত্তীয় জালিয়াতি, প্ৰৱঞ্চনা আৰু অনৈতিকভাবে অৰ্থ সংগ্ৰহৰ প্ৰমাণো উদ্ধাৰ হৈছে।

SITৰ তালাচীত শ্যামকানু মহন্তই এখন ফাৰ্মৰ নামত একাধিক পান কাৰ্ড ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে, লগতে Trend MMSৰ নামত দুখন পান কাৰ্ড উদ্ধাৰ হৈছে।

ইতিমধ্যে অপৰাধ অনুসন্ধান বিভাগে (CID) শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ নতুন গোচৰ ৰুজু কৰিছে। শনিবাৰে নিশা CIDৰ SSP আছিফ মহম্মদে এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিছে আৰু তদন্তৰ দায়িত্ব দিয়া হৈছে ASP মৰমী দাসক।