NORTHEAST NOW (Assamese)
অসম

ৰাহুলে গান্ধীয়ে সংসদত ছবি দেখুৱাই দিলে মন্তব্য, মূৰে-কপালে হাত দিলে সীতাৰমনে! ঘটনাটো কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2024 7:57 am
ৰাহুলে গান্ধীয়ে সংসদত ছবি দেখুৱাই দিলে মন্তব্য, মূৰে-কপালে হাত দিলে সীতাৰমনে! ঘটনাটো কি?

সোমবাৰে লোকসভাত ৰাহুল গান্ধীয়ে মোডী ৩.০ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। বাজেটৰ হালোৱা কাৰ্যসূচীক লৈ তেওঁ কেন্দ্ৰক তীব্ৰ কটাক্ষ কৰে। ভাষণৰ সময়ত অধ্যক্ষ ৰাহুলৰ সৈতে ওম বিৰলাৰ কথা কটাকটি চলি থাকে। সেই সময়তে ৰাহুলে এখন ছবি দেখুৱালে। সেই ছবিখনক কেন্দ্ৰ কৰি ৰাহুলে মন্তব্য দিলে। ইয়াৰ পিছতে দেখা যোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰে।

সংসদত ৰাহুলে ‘বাজেটৰ হালোৱা অনুষ্ঠান’ৰ ফটোখন তুলি ধৰে। সেই ছবিখনত আছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। তেওঁৰ মন্ত্ৰালয়ৰ কিছুমান বিষয়া তেওঁৰ লগত আছিল। ছবিখন দেখুৱাই ৰাহুলে কয়, ‘বাজেটৰ হালোৱা বিতৰণ কৰা হৈছে, ছবিখনত কোনো অ’বিচি, দলিত, জনজাতীয় বিষয়া নাই।’ ৰাহুলে কয়, “দেশৰ হালোৱা বিতৰণ চলিছে, আৰু তাত দেশৰ ৭৩ শতাংশ নাই।”

ৰাহুলে কৈয়েই থাকে, ‘ছাৰ, আপোনালোকে হালোৱা খাই আছে, আৰু বাকী দেশে হালোৱা পোৱা নাই।’ ৰাহুলে লগতে কৈ থাকিল, ‘২০ জন বিষয়াই একেলগে বাজেট প্ৰস্তুত কৰিলে। আমি গম পাইছো… মানে হিন্দুস্তানৰ হালোৱা,.. ২০ জন লোকে বিতৰণৰ কাম কৰিছে। ইয়াৰে ৯০ শতাংশৰ ভিতৰত মাত্ৰ ২ জন (পিছপৰা শ্ৰেণী) সংখ্যালঘু আৰু অ’বিচি। আৰু এই ছবিখনত তেওঁলোক কোনো নাই।

সেই সময়ত নিৰ্মলা সীতাৰমণে মুখ হাত থৈ হাঁহি আছিল। তেওঁৰ মুখৰ ভাব ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ইফালে ৰাহুলে কৈয়েই থাকিল, ‘ফটোত তেওঁলোকক আহিবলৈ নিদিলে। তেওঁলোকক পিছত থৈ দিলে।’ ৰাহুলৰ এই মন্তব্যত নিৰ্মলা সীতাৰমণে মুখত হাঁহি ধৰি ৰাখিব নোৱাৰিলে।

নিৰ্মলাই মুখত হাত থৈ হাঁহি মাৰিয়েই হাতৰ ইংগিতেৰে নিজৰ কটাক্ষৰ ভাৱটো ধৰি ৰাখিলে। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ৰাহুলৰ ‘বাজেট হালোৱা’ মন্তব্য আৰু নিৰ্মলাৰ প্ৰতিক্ৰিয়াক লৈ সম্প্ৰতি নেটিজেনৰ মাজত চৰ্চা চলি আছে।